নৰেন্দ্ৰ মোদীক কি উপহাৰ দিলে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিয়ে

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এতিয়া শ্ৰীলংকাত। দ্বীপৰাষ্ট্ৰ খনত উপস্থিত হোৱাৰ পিছতে ভাৰতৰ প্ৰধানমন্ত্ৰীক বিশেষ উপহাৰেৰে স্বাগতম জনালে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মৈত্ৰীপালা ছিৰিসেনাই।

news18assam
Updated:June 9, 2019, 5:14 PM IST
নৰেন্দ্ৰ মোদীক কি উপহাৰ দিলে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিয়ে
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এতিয়া শ্ৰীলংকাত। দ্বীপৰাষ্ট্ৰ খনত উপস্থিত হোৱাৰ পিছতে ভাৰতৰ প্ৰধানমন্ত্ৰীক বিশেষ উপহাৰেৰে স্বাগতম জনালে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মৈত্ৰীপালা ছিৰিসেনাই।
news18assam
Updated: June 9, 2019, 5:14 PM IST
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এতিয়া শ্ৰীলংকাত। দ্বীপৰাষ্ট্ৰ খনত উপস্থিত হোৱাৰ পিছতে ভাৰতৰ প্ৰধানমন্ত্ৰীক বিশেষ উপহাৰেৰে স্বাগতম জনালে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মৈত্ৰীপালা ছিৰিসেনাই। দেওবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মৈত্ৰীপালা ছিৰিসেনাৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকতে দুয়োগৰকীয়ে ৰাষ্ট্ৰ দুখনৰ মাজত পাৰস্পৰিক সহযোগিতাৰ বিভিন্ন বিষয় আলোচনা কৰে। এই বৈঠকতে প্ৰধানমন্ত্ৰী মোদীক বিশেষ উপহাৰ দিয়ে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গৰাকীয়ে।

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিয়ে দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধ্যান কৰি থকা এটা বুদ্ধৰ মুৰ্তি উপহাৰ দিয়ে। ইয়াৰ পিছতে ভাৰতৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ে টুইটাৰ যোগে ধন্যবাদ জনাই শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিগৰাকীক।  এই বুদ্ধৰ প্ৰতিমা নিৰ্মাণৰ বাবে প্ৰায় দুবছৰ প্ৰয়োজন হৈছিল।



দেওবাৰে ১১ বজাত শ্ৰীলংকালৈ ৰাওনা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এইবাৰৰ শ্ৰীলংকা যাত্ৰা প্ৰধানমন্ত্ৰী মোদীৰ তৃতীয়বাৰৰ যাত্ৰা। ২০১৫ আৰু ২০১৭তো শ্ৰীলংকা যাত্ৰা কৰিছিল মোদীয়ে। ভ্ৰমণকালত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মৈত্ৰীপালা ছিৰিসেনাক সাক্ষাত্‍ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে বিভিন্ন বিষয়ত আলোচনা কৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি