শ্ৰীলংকাৰ সদ্য পদত্যাগী প্ৰধানমন্ত্ৰী মহিন্দা ৰাজপাক্ষেই ক'ত আশ্ৰয় লৈছে তাকে লৈ দেশখনৰ জনতাৰ মাজত চৰম উত্সুকতা বিৰাজ কৰিছে। ইয়াৰ মাজতে দেশখনৰ ছ'চিয়েল মিডিয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতলৈ পলাই অহা বুলি খবৰ বিয়পি পৰিছে।
মহিন্দা ৰাজপাক্ষেৰ (Sri Lanka's ex-Prime Minister Mahinda Rajapaksa) সমালোচকসকলৰ লগতে সমৰ্থকসকলেও মত দিয়া দেখা গৈছিল যে তেওঁ দেশৰ সীমা পাৰ হৈ পৰিয়ালৰ সৈতে ভাৰতত আশ্ৰয় লৈছে। ভাৰতে অৱশ্যে এই "বাতৰি"ক উৰাবাতৰি হিচাপে খাৰিজ কৰিছে।
মঙলবাৰে নিশা হোৱা বিতৰ্কৰ মাজতে কলম্বোত থকা ভাৰতীয় দূতাবাসে (Indian High Commission) কয় যে ৰাজপাক্ষেৰ ভাৰত ভ্ৰমণ বা দেশখনত আশ্ৰয় লোৱা সম্পৰ্কে ছ'চিয়েল মিডিয়াত কৰা দাবী মনেসজা। এক টুইটযোগে ভাৰতীয় উচ্চায়ুক্তগৰাকীয়ে কয়, "এয়া এক ভুৱা বাতৰি আৰু সম্পূৰ্ণ মিছা। ভাৰতে শ্ৰীলংকাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীক কোনো আশ্ৰয় দিয়া নাই।''
উল্লেখ্য, মহিন্দাই সোমবাৰে দেশৰ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল। তেতিয়াৰ পৰা বিৰোধীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে। সূত্ৰ অনুসৰি, পদত্যাগ কৰাৰ পিছদিনা মঙলবাৰে পুৱা তেওঁ তেওঁৰ কাৰ্যালয় আৰু শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীৰ বাসগৃহ 'টেম্পল ট্ৰি' এৰিছিল। তাৰ পিছত তেওঁৰ পৰিয়ালে দেশ এৰি যোৱাৰ খবৰ সকলোতে বিয়পি পৰিছিল।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|