ছিডনীত চলি থকা টি–২০ বিশ্বকাপ খেলিবলৈ যোৱা শ্ৰীলংকা দলৰ বেটছমেন ডানুষ্কা গুনাথিলাকা (Danushka Gunathilaka)ক যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হোৱাৰ পিছত বিৰুদ্ধে গ্ৰেপ্তাৰ কৰে।
অষ্ট্ৰেলিয়াৰ ৰোজ বে’ৰ এটা বাসগৃহত এগৰাকী ২৯ বছৰীয়া মহিলাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ পোৱাৰ পিছত আৰক্ষীয়ে ছিডনীৰ টিম হোটেলৰ পৰা তেওঁক দেওবাৰে গ্ৰেপ্তাৰ কৰে।
নিউ ছাউথ ৱেলছৰ আৰক্ষীৰ এক বিবৃতিত কোৱা হৈছে যে অনলাইন ডেটিং এপ্লিকেচনৰ জৰিয়তে কেইবাদিনো যোগাযোগ কৰাৰ পিছত মহিলাগৰাকীয়ে পুৰুষজনৰ সৈতে সাক্ষাৎ কৰে। তাৰ পিছত ২০২২ চনৰ ২ নৱেম্বৰ বুধবাৰে সন্ধিয়া তেওঁক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰা হয় আৰু ইয়াৰ পিছতে খেলুৱৈগৰাকীক গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীয়ে অপৰাধস্থলীৰো পৰীক্ষা কৰে।
এই খবৰ ৰাজহুৱা হোৱাৰ পিছতে দেওবাৰে পুৱা শ্ৰীলংকা ক্ৰিকেট সংস্থাই এক বিবৃতি প্ৰকাশ কৰে। ক্ৰিকেট সংস্থাটোৱে আদালতত কাৰ্যবিধি নিৰীক্ষণত ৰাখিব আৰু দোষী সাব্যস্ত হ'লে খেলুৱৈজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে।
উল্লেখ্য, প্ৰথম ৰাউণ্ডৰ সময়ত গুনাথিলাকা আঘাতৰ বাবে টি-২০ বিশ্বকাপৰ পৰা বাহিৰ হৈছিল। কিন্তু অষ্ট্ৰেলিয়াত দলৰ সৈতে আছিল। ২০১৫ চনৰ নৱেম্বৰ মাহত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটাৰ পিছত শ্ৰীলংকাৰ হৈ ৮খন টেষ্ট, ৪৭খন এদিনীয়া আৰু ৪৬খন টি-২০ মেচ খেলিছে গুনাথিলাকাই।
Published by: Gautam Barman
FIRST PUBLISHED : November 06, 2022, 18:19 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।