• Home
  • »
  • News
  • »
  • world
  • »
  • Chamika Karunaratne : প্ৰেক্টিচৰ বাবে যাবলৈ গাড়ীত নাই তেল, পেট্ৰ'ল পাম্পত দুদিন অপেক্ষা কৰি তেল ভৰালে শ্ৰীলংকাৰ ক্ৰিকেটাৰে

Chamika Karunaratne : প্ৰেক্টিচৰ বাবে যাবলৈ গাড়ীত নাই তেল, পেট্ৰ'ল পাম্পত দুদিন অপেক্ষা কৰি তেল ভৰালে শ্ৰীলংকাৰ ক্ৰিকেটাৰে

এএনআইক দিয়া এক সাক্ষাৎকাৰত চামিকাই ভাৰতক ভাতৃ দেশ বুলি অভিহিত কৰে

এএনআইক দিয়া এক সাক্ষাৎকাৰত চামিকাই ভাৰতক ভাতৃ দেশ বুলি অভিহিত কৰে

এএনআইক দিয়া এক সাক্ষাৎকাৰত চামিকাই ভাৰতক ভাতৃ দেশ বুলি অভিহিত কৰে

  • Share this:
দেশৰ দুৰ্দশা কেতিয়া শেষ হ'ব কোনেও নাজানে। শ্ৰীলংকাৰ মানুহে এক অনিশ্চিত ভৱিষ্যতত বাস কৰি আছে। প্ৰাপ্তবয়স্কসকলে নিজে নোখোৱাকৈ তেওঁলোকৰ সন্তানক খাদ্য দি আছে। এনে পৰিস্থিতি সঁচাকৈয়ে কল্পনা কৰিব নোৱাৰি। শ্ৰীলংকাৰ এনে গুৰুতৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক সংকটৰ সময়ত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে ৰাজনৈতিক বেনাৰ অবিহনে দেশৰ নাগৰিকসকলে আৰম্ভ কৰা আন্দোলনত পদত্যাগ কৰিবলৈ বাধ্য হৈছে।

পদত্যাগ কৰা প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমসিংহে পৰৱৰ্তী ৰাষ্ট্ৰপতি নিৰ্বাচিত নোহোৱালৈকে অন্তৰ্ৱৰ্তীকালীন ৰাষ্ট্ৰপতি পদত থাকিব।

দেশখনৰ দৰে শ্ৰীলংকাৰ ক্ৰিকেটো এক অভূতপূৰ্ব সংকটত আছে। দিমুথ কৰুণাৰত্নেৰ দলে গালেত অনুষ্ঠিত দ্বিতীয়খন টেষ্টত জয়লাভ কৰে আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলাটো ১-১ত  অমীমাংসিত ৰাখিছিল।

ইয়াৰ মাজতে শ্ৰীলংকাৰ বগা বলৰ  নিয়মীয়া ক্ৰিকেটাৰ চামিকা কৰুণাৰত্নে শ্ৰীলংকাৰ পেট্ৰ'ল পাম্পত গাড়ীখন ভৰ্তি কৰিবলৈ দুদিন অপেক্ষা কৰিব লগা হয়। দুদিন ধৰি অপেক্ষা কৰিবলগীয়া সন্দৰ্ভত সংবাদমাধ্যমৰ আগত উল্লেখ কৰে যে এনে পৰিস্থিতিত তেওঁ প্ৰেক্টিচলৈও যাব পৰা নাই।



এএনআইক দিয়া এক সাক্ষাৎকাৰত চামিকাই ভাৰতক ভাতৃ দেশ বুলি অভিহিত কৰি শ্ৰীলংকাৰ সংকটত দ্বীপৰাষ্ট্ৰখনৰ কাষত ভাৰতে যিদৰে থিয় দিছে তাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।



কৰুণাৰত্নেই তেওঁৰ গাড়ীখনত ১০,০০০ টকাৰ তেল লৈছিল। এইটো তেওঁৰ বাবে তিনি দিনৰ তেল হ'ব। তাৰ পিছত পৰিস্থিতি কি হ'ব কোনেও নাজানে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি