‘ৰাৱণ আছিল বিশ্বৰ প্ৰথমজন পাইলট, যি ব্যৱহাৰ কৰিছিল এয়াৰক্ৰাফ্ট’- শ্ৰীলংকাৰ পৰ্যটন বিভাগে আৰম্ভ কৰিছে গৱেষণা

Himangshu Bhuyan | News18-Assam
Updated:July 19, 2020, 3:54 PM IST
‘ৰাৱণ আছিল বিশ্বৰ প্ৰথমজন পাইলট, যি ব্যৱহাৰ কৰিছিল এয়াৰক্ৰাফ্ট’- শ্ৰীলংকাৰ পৰ্যটন বিভাগে আৰম্ভ কৰিছে গৱেষণা
ফাইল ফটো (এগৰাকী শিল্পী, যি এটা ধৰ্মীয় অনুষ্ঠানত ৰাৱণৰ চৰিত্ৰত অভিনয় কৰিছিল।)

‘লংকাৰ ৰজা’ ৰাৱণৰ ওপৰত গৱেষণা আৰম্ভ কৰিব শ্ৰীলংকা চৰকাৰে

  • Share this:
ৰজা ৰাৱণৰ সম্বন্ধে ওলাইছে আশ্বৰ্যকৰ তথ্য। ৰামায়ণৰ ‘ভিলেইন’,হিন্দু মহাকাব্য ৰামায়ণত ৰাৱণ আছিল লংকাৰ শাসক। শ্ৰীলংকাৰ বহুতৰে মতে, দেশখনৰ প্ৰথমজন পাইলট আছিল ৰাৱণ।

শ্ৰীলংকাৰ চৰকাৰে ইতিমধ্যে ৰাৱণৰ সন্দৰ্ভত সাধাৰণ লোকৰ হাতত থকা তথ্য শ্বেয়াৰ কৰিবলৈ এক বিজ্ঞাপন জাৰি কৰিছে। বাতৰি কাকতত এই সন্দৰ্ভত বিজ্ঞাপন জাৰি কৰিছে শ্ৰীলংকাৰ পৰ্যটন বিভাগে। বিজ্ঞাপনটোৰ জৰিয়তে ৰাৱণৰ সন্দৰ্ভত কোনো তথ্য বা গ্ৰন্থ থাকিলে ৰাজহুৱা কৰিবলৈ দেশখনৰ জনসাধাৰণক আহ্বান জনোৱা হৈছে। যাৰ জৰিয়তে ৰাৱণৰ লগতে দ্বীপৰাষ্ট্ৰ খনে বিমান উৰণৰ ক্ষেত্ৰত হেৰুওৱা অতীতৰ গৰিমা উভতাই আনিবলৈ এক উচ্চ পৰ্যায়ৰ আৰু সফল গৱেষণা আৰম্ভ কৰিব পাৰে।



শ্ৰীলংকাৰ চৰকাৰে বিশ্বাস কৰে যে, ৰজা ৰাৱণ আছিল বিশ্বৰ প্ৰথমজন পাইলট। আৰু যি ৫০০০ বছৰৰ আগতেই বিমান উৰণৰ ক্ষেত্ৰত সফল হৈছিল। এতিয়া দেশখনৰ বিমান পৰিবহণ অথৰিটীয়ে লৈছে এক বিশেষ উদ্যোগ যাৰ জৰিয়তে, ৰাৱণৰ উৰণৰ পদ্ধতি বুজিব পৰা যাব।

কলম্বোৰ পৰা News18ৰ জ্যেষ্ঠ সাংবাদিক ডি পি সতিশৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত, দেশখনৰ অসামৰিক বিমান পৰিবহণ অথৰিটীৰ প্ৰাক্তন উপ-সভাপতি শশী ডানাটোংগেই কয় যে,তেওঁলোকৰ হাতত উপযুক্ত তথ্য আছে, যাৰ জৰিয়তে প্ৰমাণ কৰিব পৰা যাব যে, ৰাৱণ আছিল বিশ্বৰ প্ৰথমজন পাইলট, যি প্ৰথমে এয়াৰক্ৰাফ্ট ব্যৱহাৰ কৰিছিল।

‘ৰজা ৰাৱণ উচ্চ বুদ্ধি সম্পন্ন। বিশ্বৰ প্ৰথমজন উৰিব পৰা লোক। তেওঁ এজন পাইলট আছিল। এয়া পৌৰাণিক কথা নহয়, এয়া সত্য। গতিকে এই সন্দৰ্ভত এক উপযুক্ত গৱেষণাৰ প্ৰয়োজন। আগন্তুক পাঁচ বছৰৰ ভিতৰত আমি প্ৰমাণ কৰিম।’- এনেদৰে কয় প্ৰাক্তন উপ-সভাপতিগৰাকীয়ে।

যোৱা বছৰ এই সন্দৰ্ভত বিমান পৰিবহণ বিশেষজ্ঞ, ইতিহাসবিদ, পুৰাতত্ত্ববিদ, বিজ্ঞানী, ভূ-তত্ত্ব বিজ্ঞানীয়ে শ্ৰীলংকাৰ সৰ্ববৃহত্‍ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ‘বন্দৰানাইকে’ত এখন কনফাৰেন্সত ভাগ লৈছিল।

কনফাৰেন্সত কোৱা হৈছিল যে, ৫০০০ বছৰ পূৰ্বেই ৰাৱণে বৰ্তমানৰ ভাৰতলৈ উৰা মাৰিছিল। বহুতে ৰামায়ণত থকাৰ ধৰণে শ্ৰীৰামৰ পত্নী সীতাক ৰাৱণে অপহৰণ কৰাৰ কথা অস্বীকাৰ কৰিছিল। তেওঁলোকে দাবী, সেয়া ভাৰতীয় লোকৰহে তথ্য! ৰাৱণ এগৰাকী সত্‍ ৰজা আছিল।

এতিয়া শ্ৰীলংকাত ৰাৱণৰ সন্দৰ্ভত নতুনকৈ আৰম্ভ হৈছে চৰ্চা। শ্ৰীলংকাই শেহতীয়াকৈ মহাকাশলৈ ৰাৱণ নামেৰে এটা চেটেলাইটো প্ৰেৰণ কৰিছে।

শ্ৰীলংকাৰ বহুলোকে বিশ্বাস কৰে যে, ৰাৱণ এগৰাকী দক্ষ ৰজা হোৱাৰ লগতে গৱেষক আছিল। আনকি বহু ভাৰতৰ বিশিষ্ট লোকেও ৰাৱণক ‘মহা ব্ৰাহ্মণ’ বুলি দাবী কৰে।

(News18ৰ জ্যেষ্ঠ সাংবাদিক  ডি পি সতিশৰ ইংৰাজী প্ৰতিবেদনৰ অসমীয়া অনুবাদ)
Published by: Himangshu Bhuyan
First published: July 19, 2020, 3:30 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading