শ্ৰীলংকাই ভাৰত আৰু চীন দুয়োৰে সৈতে বন্ধুত্ব বৰ্তাই ৰাখিবঃ মহিন্দা ৰাজাপাকচে

News18 Assam | News18-Assam
Updated:May 28, 2020, 8:09 PM IST
শ্ৰীলংকাই ভাৰত আৰু চীন দুয়োৰে সৈতে বন্ধুত্ব বৰ্তাই ৰাখিবঃ মহিন্দা ৰাজাপাকচে
বুধবাৰে সক্ৰিয় ৰাজনীতিত ৫০বছৰ সম্পূৰ্ণ কৰা শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী মহিন্দা ৰাজাপাকচেই জ্যেষ্ঠা সাংবাদিক ডি পি সতীশৰ সৈতে এক এক্সক্লুছিভ সাক্ষাৎকাৰত সদৰি কৰে যে তামিল সকলে শান্তি আৰু সমৃদ্ধিহে বিচাৰে, পৃথক গৃহভূমি নহয়।

বুধবাৰে সক্ৰিয় ৰাজনীতিত ৫০বছৰ সম্পূৰ্ণ কৰা শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী মহিন্দা ৰাজাপাকচেই জ্যেষ্ঠা সাংবাদিক ডি পি সতীশৰ সৈতে এক এক্সক্লুছিভ সাক্ষাৎকাৰত সদৰি কৰে যে তামিল সকলে শান্তি আৰু সমৃদ্ধিহে বিচাৰে, পৃথক গৃহভূমি নহয়।

  • Share this:
১৯৭০চনত মাত্ৰ ২৪বছৰ বয়সতে শ্ৰীলংকাৰ সংসদলৈ নিৰ্বাচিত হোৱা আটাইতকৈ কমবয়সীয়া সাংসদ মহিন্দা ৰাজাপাকচে হৈছে শ্ৰীলংকাৰ দুবাৰৰ ৰাষ্ট্ৰপতি আৰু তিনিবাৰৰ প্ৰধানমন্ত্ৰী। ১৯৭৭চনৰ পৰা ১৯৯৩চনলৈ জে আৰ জয়াৱৰ্দনে আৰু ৰণসিংঘে প্ৰেমদাচাৰ দিনত সৱল যুৱ বিৰোধী কণ্ঠৰূপে উদ্ভাসিত আছিল তেওঁ।

আগৰ কাৰ্যকালৰ ২০০৯চনত পৃথক গৃহভূমিৰ কাৰণে এলটিটিইৰ (LTTE) দ্বাৰা পৰিচালিত ৩০বছৰীয়া নৃশংস ৰক্তপাত অন্ত পেলোৱাৰ পৰা দ্বীপৰাষ্ট্ৰীখনত অৰ্থনৈতিক উন্নয়ন ত্বৰান্বিত কৰাৰ কৃতিত্ব তেওঁৰ জোলোঙাত। বৰ্তমান তেওঁ তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈ আছে আৰু তেওঁৰ কণিষ্ঠ ভাতৃ গটাবায়ে বৰ্তমান দেশখনৰ ৰাষ্ট্ৰপতি।

মুকলিমূৰীয়াকৈ কৰা বাৰ্তালাপত ৰাজাপাকচেই সীমা বিবাদৰ প্ৰসংগত উল্লেখ কৰে যে শ্ৰীলংকাই ভাৰত আৰু চীন দুইখন দেশৰ সৈতে ভাল সম্পৰ্ক বৰ্তাই ৰাখিব খোজে।

তামিল ৰাইজে সমৃদ্ধি আৰু শান্তিহে বিচাৰে আৰু পৃথক গৃহভূমি কাম্য নহয় বুলি দাবী কৰি তেওঁ কয়, তামিল ৰাজনৈতিক নেতাসকলে অনুভৱ কৰা উচিত যে এয়া বাস্তৱসন্মত দাবী নহয়। তেওঁ লগতে স্পষ্ট কৰে যে, তামিল হওক বা ইছলামিক কোনো ধৰণৰ সন্ত্ৰাসবাদ তেওঁ গা কৰি উঠিবলৈ নিদিয়ে।

সাংবাদিকৰ সৈতে প্ৰধানমন্ত্ৰীজনৰ বাৰ্তালাপৰ নিৰ্বাচিত অংশঃ

প্ৰশ্নঃ সক্ৰিয় ৰাজনীতিত আপুনি ৫০বছৰ সম্পূৰ্ণ কৰিলে। এখন দেশক নেতৃত্ব দি থকা SAARCৰ আপুনিয়ে আটাইতকৈ জ্যেষ্ঠ নেতা। এই দীঘলীয়া ৰাজহুৱা জীৱনক আপুনি কি দৃষ্টিৰে চাব বিচাৰে?

উত্তৰঃ এই ৫০টা বছৰ স্বাভাৱিকতে অতি ঘটনাবহুল আছিল। এই গোটেই সময়চোৱাত আমি খণ্ড খণ্ডকৈহে শান্তি পাইছিলো। ১৯৭০চনৰ মে’ মাহত মই সংসদলৈ নিৰ্বাচিত হোৱাৰ এবছৰৰো কম দিনৰ ভিতৰত শ্ৰীলংকাত জনতা, বিমুক্তি পেৰামুনাৰ নেতৃত্বত প্ৰথম বিদ্ৰোহৰ জোৱাৰ দেখা গৈছিল। মই ২০০৫চনৰ নৱেম্বৰ মাহত ৰাষ্ট্ৰপতি হওতে সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল LTTEৰ সন্ত্ৰাসবাদ। এই সকলোবোৰ প্ৰত্যাহ্বানৰ মুখামুখি হৈ আমি জিকি আহিছো। পিছলৈ যদি ঘুৰি চাও ৫০টা বছৰ ৰাজনীতিত থাকি ৰাইজৰ সেৱা কৰিবলৈ পাই মই কৃতজ্ঞ।

প্ৰশ্নঃ ২০০৫চনৰ পৰা ২০১৫চনলৈকে ৰাষ্ট্ৰপতি হিচাপে থাকোতে আপুনি LTTEক সমূলঞ্চে ধ্বংস কৰি শান্তি ঘুৰাই আনিছিল। ৫০টা বছৰৰ এয়াই আটাইতকৈ কঠিন কাম আছিল নে কি?

উত্তৰঃ যিকোনো এজন নেতাৰ কাৰণে সেয়া অতি কঠিন কাম আছিল। থল সেনা, বায়ু সেনা, নৌ সেনাৰ অভিজ্ঞ আৰু কুশলী দলৰ নেতৃত্বৰ লগতে মোৰ সৈতে আছিল এজন ৰাষ্ট্ৰপতিৰ কাংক্ষিত সৰ্বশ্ৰেষ্ঠ চোৰাংচোৱা সেৱা, মই এইক্ষেত্ৰত ভাগ্যৱান। মোৰ কণিষ্ঠ ভাতৃ গটাবায়ে আছিল এই সমগ্ৰ বিষয়টো চোৱা চিতা কৰিব পৰা একমাত্ৰ মানুহ যাক মই বিশ্বাস কৰিব পাৰিছিলো। দৰাচলতে ২০০৫চনত ৰাষ্ট্ৰপতি হোৱাৰ পিছতে গটাবায়েক প্ৰতিৰক্ষা সচিব হিচাপে দিয়া নিযুক্তি আছিল আসনত বহি কৰা প্ৰথম নিযুক্তি।

সেই যুদ্ধত জৰিত হৈ পৰা আমাৰ সকলোৰে কাৰণে নিঃসন্দেহে এয়া এক সৰ্বশ্ৰেষ্ঠ কৃতিত্ব হৈ ৰ’ব। মোৰ ভাগ্য যে মই দলটোক ৰাজনৈতিক নেতৃত্ব আৰু সুৰক্ষা প্ৰদান কৰি জয় নিশ্চিত কৰাব পাৰিলো। LTTEক FBI–এ বিশ্বৰ ভিতৰতে সন্ত্ৰাসবাদী সংগঠনৰ শীৰ্ষত ঠাই দিছিল।

প্ৰশ্নঃ ২০১চনৰ পৰা ২০১৯চনলৈ আপুনি ক্ষমতাত নাছিল। সেই সময়চোৱাৰ কথা জনাওক।

উত্তৰঃযেতিয়া নিৰ্বাচনৰ ফলাফল ওলালে মই অলপো সময় নষ্ট নকৰাকৈ অৱসৰ উপভোগ কৰিবলৈ ৱিৰাকেটিয়াৰ স্বগৃহলৈ পৰিয়ালৰ ওচৰলৈ যাও। কিন্তু মানুহে মই আকৌ তেওঁলোকক নেতৃত্ব দিয়াটো বিচাৰিলে। মোৰ কাম যেন শেষ হোৱা নাছিল। দেশৰ পিতৃপুৰুষ হিচাপে পৰৱৰ্তী প্ৰজন্মৰ নেতাক উদ্গনি দিয়াটো মোৰ দায়িত্ব আছিল। মই তেতিয়াৰ চৰকাৰক প্ৰশ্ন কৰিছিলো আৰু উদাহৰণ দেখুৱাই কাৰ্য কৰিবলৈ আহ্বান জনাইছিলো। ভৱিষ্যতৰ সাংসদে যাতে সংঘৱদ্ধ হৈ সততাৰে নিজৰ দায়িত্ব পালন কৰি যাব পাৰে তাৰ কাৰণে তেওঁলোকক জবাবদিহী কৰিছিলো।

প্ৰশ্নঃ আপুনি ১৯৮৫চনত SAARCৰ জন্মলগ্নৰে পৰা পাই আহিছে, আপুনি ভাবে নে যে এয়া এতিয়াও প্ৰাসংগিক।

উত্তৰঃ আঞ্চলিক সহযোগিতা অতি গুৰুত্বপূৰ্ণ। সদস্য ৰাষ্ট্ৰসমূহৰ মাজত থকা সমস্যাৰ বাবে SAARC–এ বিচৰাধৰণে কাম কৰিব নোৱাৰিলেও আমি কথা বতৰা পতাৰ আৰু সহযোগিতাৰ পৰিৱেশ স্থানীয় নেতৃত্বৰ মাজত বৰ্তাই ৰাখিব লাগিব।

প্ৰশ্নঃ আপোনাৰ শাসন কালত শ্ৰীলংকা বিশ্বৰ ভিতৰতে শীৰ্ষৰ পৰ্যটন থলী হিচাপে গঢ় লৈ উঠিছে। কোৰোণা ভাইৰাছে এই ক্ষেত্ৰখন এতিয়া বেয়াকৈ আঘাত কৰিছে। কি পন্থাৰে সমাধান হ’ব?

উত্তৰঃ সমগ্ৰ বিশ্বৰে পৰ্যটন উদ্যোগ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। বিগত বৰ্ষৰ ইষ্টাৰ ট্ৰেজেডীৰ কাৰণে আমাৰ ইয়াত পৰিস্থিতি আৰু বেয়া। তাৎক্ষণিকভাৱে এই উদ্যোগৰ সৈতে জৰিত যিসকলক জীৱিকাত প্ৰভাৱ পৰিছে তেওঁলোকক সকাহ দিয়াৰ চেষ্টা কৰা হৈছে। স্বাভাৱিক পৰিস্থিতি ঘুৰি নহালৈকে স্থানীয় পৰ্যটনে হোটেল উদ্যোগ চলাই ৰাখিব পাৰে।

প্ৰশ্নঃ বৰ্তমান আপোনাৰ কণিষ্ঠ ভাতৃ গটাবায়ে ৰাজাপাকচে দেশৰ ৰাষ্ট্ৰপতি। আপুনি প্ৰধান মন্ত্ৰী। এই ব্যৱস্থাৰ সৈতে কেনেকৈ কাম কৰিব তাক লৈ যথেষ্ট পৰস্পৰ বিৰোধী প্ৰতিবেদন প্ৰকাশ পাইছে। সংসদীয় গণতন্ত্ৰক বিদায় দি আনুষ্ঠানিক ৰাষ্ট্ৰপতি পদলৈ আপুনি প্ৰত্যাৱৰ্তন কৰিব নে কি?

উত্তৰঃ সকলো ধৰণৰ পৰিৱৰ্তন নতুন সংসদীয় প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখিহে কৰা হ’ব। মই ভাবো যে সকলোৱে এই কথাত নিশ্চয় দ্বিমত নাৰাখে যে বৰ্তমান সংবিধানৰ ১৯সংখ্যক সংশোধনীৰ সৈতে কাম চলাই নিব পৰা নাযাব।

প্ৰশ্নঃ যোৱা ৫০বছৰত ভাৰতত কি ভাল বেয়া হ’ল? ভাৰত–শ্ৰীলংকাৰ সম্পৰ্কক আপুনি কেনেদৰে চাইছে?

উত্তৰঃ ভাৰতৰ সৈতে সম্পৰ্কৰ উত্থান–পতন আছে। অৱশ্যে ১৯৮০ৰ দশকত আৰু ২০১৪চনত দ্বিপাক্ষিক সম্পৰ্কৰ অৱনতি ঘটাত দুয়োখন ৰাষ্ট্ৰই ভুগিলে। ১৯৪৮চনৰ পৰা ১৯৮০লৈকে দুয়োখন ৰাষ্ট্ৰৰ সম্পৰ্ক ভাল আছিল। মই ভাবো যে সেই শক্তিশালী সম্পৰ্কৰ দিনলৈ আমি পুনৰ ঘুৰি গৈছো। যিকোনো চৰকাৰেই আহক দুয়োখন দেশৰ সম্পৰ্ক এনেকৈ থকা উচিত।

প্ৰশ্নঃ ইছলামিক সন্ত্ৰাসবাদ শ্ৰীলংকাত যথেষ্ট বাঢ়িছে। বৰ্তমান ISIS–এও খোপনি পুতিছে। এইসমূহ কেনেকৈ চম্ভালিব?

উত্তৰঃ এয়া সঁচাকৈয়ে অতি গুৰুতৰ বিষয়। বিগত চৰকাৰে এই সমূহ নিয়ন্ত্ৰণ কৰিব পৰা নাছিল আৰু যোৱাবছৰৰ দুখঃজনক ঘটনা ইয়াৰ উদাহৰণ। যদি তেওঁলোকে বৰ্তমানেও শাসন চলাই থাকিলে হয় তেনেহ’লে ভাৰতৰ লগতে বংগোপসাগৰ এলেকাৰ আটাইবোৰ চুবুৰীয়া ৰাষ্ট্ৰই ভুগিবলগা হ’লহেতেন। শ্ৰীলংকাত ইষ্টাৰ চানডে বোমা বিস্ফোৰণ আছিল আইএছআইএছে এছিয়াৰ ভিতৰতে সাধাৰণ মানুহৰ ওপৰত কৰা সৰ্ববৃহৎ আক্ৰমণ। আটাইকেইজন আত্মঘাতী বোমাৰু আছিল শিক্ষিত আৰু অৰ্থসৰ্বস্ব শ্ৰীলংকান। সেই সময়ৰ চৰকাৰৰ হাতত এই ঘটনা ৰোধ কৰিব পৰাকৈ সকলো ধৰণৰ আগতীয়া তথ্য আছিল।

বৰ্তমান আমি ইয়াক নিয়ন্ত্ৰণত ৰাখিছো আৰু আকৌ এবাৰ আমাৰ চোৰাংচোৱা নেটৱৰ্ক সক্ৰিয় কৰি তোলা হৈছে। বিদেশৰ চোৰাংচোৱা সন্থাসমূহৰ সৈতেও একেলগে কাম কৰি তথ্যৰ আদান প্ৰদানৰ গুৰুত্ব আমি বুজি পাও। মৌলবাদী সন্ত্ৰাসবাদক কোনো কাৰণে গা কৰি উঠিবলৈ দিয়া নহয় আৰু ইয়াৰ কাৰণে সকলো ধৰণৰ ব্যৱস্থা লোৱা হ’ব।

প্ৰশ্নঃ চীনৰ সৈতে শ্ৰীলংকাৰ সম্পৰ্কৰ প্ৰসংগত কোৰোণাৰ পিছৰ কালচোৱাত কিবা পৰিৱৰ্তন দেখা পাইছে নে কি?

উত্তৰঃ শ্ৰীলংকাই সকলো ৰাষ্ট্ৰৰ সৈতে এক গোট নিৰপেক্ষ বৈদেশিক নীতি অৱলম্বন কৰে। ভাৰত আৰু চীন দুয়ো আমাৰ মূল্যৱান বন্ধু। পণ্ডিত জৱাহৰলাল নেহৰু আৰু চীনৰ ঝৌ এনলাইয়ে পাৰস্পৰিক ভূ খণ্ডৰ সংহতি আৰু সাৰ্বভৌমত্ব ৰক্ষা, আক্ৰমক নোহোৱা, আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰা আৰু শান্তিপূৰ্ণ সহাৱস্থানৰ পঞ্চশীল নীতিৰ প্ৰৱৰ্তনত অংশ লৈছিল। এই নীতিসমূহ আমি আগলৈকো মানি চলিম।

(দক্ষিণ ভাৰতৰ জ্যেষ্ঠ সাংবাদিক ডি পি সতীশৰ ইংৰাজী প্ৰৱন্ধৰ অসমীয়া অনুবাদ তুলিকা দেৱীৰ) 
First published: May 28, 2020, 8:09 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading