உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • Sri Lanka Crisis: মঙলবাৰে অতি স্পৰ্শকাতৰ হৈ পৰিছে শ্ৰীলংকা, ৰাজপাক্ষেই পৰিয়ালসহ আশ্ৰয় লৈছে নৌ ঘাটিত, ৭টা পইণ্ট

    Sri Lanka Crisis: মঙলবাৰে অতি স্পৰ্শকাতৰ হৈ পৰিছে শ্ৰীলংকা, ৰাজপাক্ষেই পৰিয়ালসহ আশ্ৰয় লৈছে নৌ ঘাটিত, ৭টা পইণ্ট

    শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰিকেটাৰ অৰ্জুন ৰণতুঙ্গাই কয়, "মানুহে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰি আছিল। কিন্তু তেওঁলোকক আক্ৰমণ কৰাৰ ধৰণটো অপ্ৰত্যাশিত আছিল।''

    শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰিকেটাৰ অৰ্জুন ৰণতুঙ্গাই কয়, "মানুহে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰি আছিল। কিন্তু তেওঁলোকক আক্ৰমণ কৰাৰ ধৰণটো অপ্ৰত্যাশিত আছিল।''

    শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰিকেটাৰ অৰ্জুন ৰণতুঙ্গাই কয়, "মানুহে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰি আছিল। কিন্তু তেওঁলোকক আক্ৰমণ কৰাৰ ধৰণটো অপ্ৰত্যাশিত আছিল।''

    • Share this:
    –শ্ৰীলংকাৰ সংসদৰ অধ্যক্ষ মহিন্দা য়াপা আবেবৰ্ধনে মঙলবাৰে ৰাষ্ট্ৰপতি গোটাবে ৰাজপাক্ষেক জৰুৰী ভিত্তিত সংসদৰ অধিৱেশনৰ আহ্বান কৰিবলৈ পৰামৰ্শ দিয়ে।

    –শ্ৰীলংকাত সামৰিক শাসন জাৰি কৰা হৈছে। সামগ্ৰিক পৰিস্থিতি মূল্যায়ন কৰাৰ পিছত ক্ষমতা সেনা আৰু আৰক্ষীক হস্তান্তৰ কৰা হৈছে। প্ৰতিৰক্ষা বিভাগে প্ৰতিবাদকাৰীক দেখা মাত্ৰেই গুলীচালনাৰো আদেশ দিয়া বুলি সূত্ৰই প্ৰকাশ কৰিছে।

    –শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰিকেটাৰ অৰ্জুন ৰণতুঙ্গাই কয়, "মানুহে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰি আছিল। কিন্তু তেওঁলোকক আক্ৰমণ কৰাৰ ধৰণটো অপ্ৰত্যাশিত আছিল। আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলৰ সৈতে দুৰ্ব্যৱহাৰ কৰিছিল। প্ৰতিবাদকাৰীসকলে শান্ত হ'বলৈ চেষ্টা কৰা নাছিল। যদি পৰিস্থিতিটো সঠিকভাৱে নিয়ন্ত্ৰণ কৰা হ'লহেঁতেন, তেন্তে এনে নহ'লহেঁতেন। "

    –সেনাৰ এজন শীৰ্ষ বিষয়াই এএফপি সংবাদ সংস্থাক কৈছিল– ''প্ৰতিবাদকাৰীসকলে বিদায়ী প্ৰধানমন্ত্ৰীৰ বাসগৃহত কমেও ১০ টা পেট্ৰ'ল বোমা নিক্ষেপ কৰিছিল।"

    –ৰাজধানী কলম্বো সোমবাৰৰ ঘটনাৰ পিছৰে পৰা স্পৰ্শকাতৰ হৈ আছে। সেইদিনা হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে কাৰ্ফিউ উপেক্ষা কৰি ৰাজপথলৈ ওলাই আহিছিল। দোকান, ঘৰ আৰু চৰকাৰী কাৰ্যালয়ত জুই লগোৱা হৈছিল। চৰকাৰী সাংসদ আৰু নেতাসকলৰ ঘৰত আক্ৰমণ কৰা হৈছিল।

    –বিৰোধী নেতাসকলে দাবী জনাইছে যে সোমবাৰে সংঘৰ্ষত আৰু পাঁচজন লোকৰ মৃত্যুৰ বাবে ৰাজপাক্ষেক গ্ৰেপ্তাৰ কৰা উচিত।

    –মঙলবাৰে ৰাতিপুৱা, প্ৰতিবাদকাৰীসকলে ৰাজপাক্ষেৰ চৰকাৰী বাসভৱন ঘেৰি ধৰিছিল। বহু সংখ্যক সৈন্য ৰাজপাক্ষেৰ বাসগৃহত উপস্থিত হৈছিল আৰু তেওঁৰ পৰিয়ালে তেওঁক উদ্ধাৰ কৰিছিল। সেনাৰ এজন শীৰ্ষ বিষয়াই এএফপি সংবাদ সংস্থাক কৈছিল যে প্ৰতিবাদকাৰীসকলে বিদায়ী প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ গেট ভাঙিবলৈ চেষ্টা কৰিছিল। কিন্তু ৰাতিপুৱা পৰিয়ালটোক এক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছিল। কিন্তু তেওঁক ক'ত লৈ যোৱা হৈছিল সেয়া প্ৰকাশ কৰা নাছিল। অৱশ্যে, সূত্ৰ অনুসৰি, ৰাজপাক্ষে নৌ সেনা ঘাটিত আশ্ৰয় লৈছে।
    Published by:Gautam Barman
    First published: