কোনো পৰিৱৰ্তন নাই। মহিন্দা ৰাজপাক্ষেৰ বাসভৱনত আক্ৰমণ কৰাৰ পিছত আজি পুনৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেৰ বাসভৱনত সোমাই গ'ল প্ৰতিবাদী জনতা। এনে অৱস্থাত শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমসিংহেই প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগৰ সিদ্ধান্ত লয়। শ্ৰীলংকাত চলি থকা অৰ্থনৈতিক সংকট আৰু জনসাধাৰণৰ ব্যাপক ক্ষোভৰ বাবে বিক্ৰমসিংহে পদত্যাগ কৰিব লগা হয় (PM Ranil Wickremesinghe resigns)।
পদত্যাগৰ বিষয়ে উল্লেখ কৰি ৰনিল বিক্ৰমসিংহেই কয়- "সকলো নাগৰিকৰ সুৰক্ষাকে ধৰি চৰকাৰৰ ধাৰাবাহিকতা নিশ্চিত কৰিবলৈ মই আজি দলৰ নেতাসকলৰ সৰ্বশ্ৰেষ্ঠ পৰামৰ্শ স্বীকাৰ কৰিছোঁ, যাতে সৰ্বদলীয় চৰকাৰৰ বাবে পথ প্ৰস্তুত কৰিব পাৰি। ইয়াক সহজ কৰি তুলিবলৈ, মই প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিম।''
মহিন্দা ৰাজপাক্ষেৰ পদত্যাগৰ পিছত বিক্ৰমসিংহে ১২ মে'ত শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। অৱশ্যে প্ৰতিবাদকাৰীসকলে বিক্ৰমসিংহে নহয় ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেৰ পদত্যাগ দাবীত অটল হৈ আছে।
ইয়াৰ পূৰ্বে শ্ৰীলংকাত বহু সংখ্যক প্ৰতিবাদকাৰীয়ে ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেৰ চৰকাৰী বাসভৱনত প্ৰৱেশ কৰিছিল। নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষত দুজন আৰক্ষীসহ কমেও ৩০ জন লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। প্ৰতিবাদকাৰীসকলে ৰাজপাক্ষেৰ পদত্যাগ দাবী কৰিছে। প্ৰতিবাদকাৰীসকলে শনিবাৰে কেন্দ্ৰীয় কলম্বোৰ কঠোৰভাৱে সুৰক্ষিত দুৰ্গ অঞ্চলত থকা বাধাসমূহ আঁতৰাই ৰাষ্ট্ৰপতিৰ বাসগৃহত প্ৰৱেশ কৰিছিল।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|