உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • 'সকলো সম্পদ বিক্ৰী কৰিলে চীনক '-শ্ৰীলংকা সৰ্বস্বান্ত হোৱাৰ বাবে দোষিলে দেশখনৰ প্ৰধানমন্ত্ৰীক, ৰাজপথত জনতাৰ তীব্ৰ প্ৰতিবাদ

    'সকলো সম্পদ বিক্ৰী কৰিলে চীনক '-শ্ৰীলংকা সৰ্বস্বান্ত হোৱাৰ বাবে দোষিলে দেশখনৰ প্ৰধানমন্ত্ৰীক, ৰাজপথত জনতাৰ তীব্ৰ প্ৰতিবাদ

    শ্ৰীলংকা এতিয়া ধাৰত পুত গৈছে। মানুহৰ হাতত টকা-পইচা নাই। বজাৰত জুই লাগিছে। ব্যৱসায়ীসকলে অভিযোগ কৰে যে, যদি চৰকাৰে একো পদক্ষেপ হাতত নলয়, দেশখনৰ জনতাই খাবলৈ নাপাই মৰিবলগীয়া হ'ব।

    শ্ৰীলংকা এতিয়া ধাৰত পুত গৈছে। মানুহৰ হাতত টকা-পইচা নাই। বজাৰত জুই লাগিছে। ব্যৱসায়ীসকলে অভিযোগ কৰে যে, যদি চৰকাৰে একো পদক্ষেপ হাতত নলয়, দেশখনৰ জনতাই খাবলৈ নাপাই মৰিবলগীয়া হ'ব।

    শ্ৰীলংকা এতিয়া ধাৰত পুত গৈছে। মানুহৰ হাতত টকা-পইচা নাই। বজাৰত জুই লাগিছে। ব্যৱসায়ীসকলে অভিযোগ কৰে যে, যদি চৰকাৰে একো পদক্ষেপ হাতত নলয়, দেশখনৰ জনতাই খাবলৈ নাপাই মৰিবলগীয়া হ'ব।

    • Share this:
    চীনক সকলো বিক্ৰী কৰি সৰ্বস্বান্ত হৈছে শ্ৰীলংকা! এইবাৰ ভাৰতৰ দক্ষিণ দিশৰ প্ৰতিবেশী দ্বীপৰাষ্ট্ৰৰ আৰ্থিক সংকটৰ বাবে দেশখনৰ চৰকাৰৰ হঠকাৰী সিদ্ধান্তক দোষিলে খাদ্য ব্যৱসায়ীসকলে। শ্ৰীলংকাৰ ৰাজাপক্ষৰ চৰকাৰৰ বিৰুদ্ধে অভিযোগ, দেশৰ সকলো সম্পদ চীনক বিক্ৰী কৰাই নহয়, এতিয়া আন দেশ পৰা সকলো বস্তু ক্ৰয় কৰিবলগীয়া হৈছে 'উৎপাদন শূন্য' শ্ৰীলংকাই।

    ফলস্বৰূপে, শ্ৰীলংকা এতিয়া ধাৰত পুত গৈছে। মানুহৰ হাতত টকা-পইচা নাই। বজাৰত জুই লাগিছে। ব্যৱসায়ীসকলে অভিযোগ কৰে যে, যদি চৰকাৰে একো পদক্ষেপ হাতত নলয়, দেশখনৰ জনতাই খাবলৈ নাপাই মৰিবলগীয়া হ'ব।

    শ্ৰীলংকাৰ ৰাজনৈতিক সংকটৰ সমান্তৰালকৈ  শক্তিখণ্ডতো ব্যাপক সংকটে দেখা দিছে। দেশখনৰ মন্ত্ৰীসভাৰ সকলো মন্ত্ৰীয়ে সোমবাৰে পদত্যাগ কৰে। আৰু তাৰ পিছৰ পৰাই প্ৰধানমন্ত্ৰী মহিন্দা ৰাজপক্ষৰ অপসাৰণৰ দাবী অধিক তীব্ৰতৰ হৈ পৰিছে। কিন্তু নতুন চৰকাৰ গঠন হ'লেও ভেটি হৈ পৰিব অতি দুৰ্বল। ইয়াৰ মাজতে, সাধাৰণ পাচলি আৰু ফলৰ মূল্যবৃদ্ধি হ'বলৈ আৰম্ভ কৰিছে। আৰু ইয়াৰ প্ৰধান কাৰণেই হৈছে ইন্ধনৰ আকাশলংঘী মূল্যবৃদ্ধি। কলম্বোত, আপেল প্ৰতি কিলোগ্ৰামত ১০০০ টকাত বিক্ৰী কৰা হৈছে। নাস্পতিৰ মূল্য ৭০০ টকাৰ পৰা প্ৰতি কিলোগ্ৰামত ১৫০০ টকালৈ বৃদ্ধি পাইছে।

    বিক্ৰেতাসকলে অভিযোগ কৰিছে যে, এই মুহূৰ্তত শ্ৰীলংকাৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল তেওঁলোকৰ হাতত টকা নাই। চীনক সকলো বিক্ৰী কৰাৰ পিছত এই চৰকাৰখন এতিয়া সৰ্বস্বান্ত হৈ পৰিছে। সকলোবোৰ আন দেশৰ পৰা ক্ৰয় কৰিবলগীয়া হৈছে।

    ভয়ংকৰ আৰ্থিক সংকটত ভুগিছে শ্ৰীলংকা। দেশখনত ইন্ধনৰ নাটনি আৰম্ভ হৈছে। পৰিবহণ প্ৰায় বন্ধ হৈ আছে। বিদ্যুৎ ৰাহি কৰিবলৈ দেশত প্ৰতিদিনে ১০ৰ পৰা ১৩ ঘণ্টাৰ বাবে লোড শ্বেডিং কৰা হৈছে। শ্ৰীলংকাৰ মানুহে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে। কিন্তু আন্দোলন মষিমূৰ কৰিবলৈ শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপক্ষই ১ এপ্ৰিলত শ্ৰীলংকাত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল। অৱশ্যে মঙলবাৰে নিশা জৰুৰীকালীন অৱস্থা উঠাই লোৱা হয়।
    Published by:Himangshu Bhuyan
    First published: