ছচিয়েল মিডিয়াত ভুৱা বাতৰি বিয়পোৱা লোকক ৫ বছৰৰ জে’ল, ১০ লাখ জৰিমনা!

২১ এপ্ৰিলত ইষ্টাৰত সংঘটিত ধাৰাবাহিক বিস্ফোৰণৰ পিছতে সমগ্ৰ শ্ৰীলংকাত ছচিয়েল মিডিয়াৰ জৰিয়তে একাংশই ভুৱা খবৰ আৰু ঘৃণা বিয়পোৱা মন্তব্য প্ৰচাৰ কৰিছিল।

news18assam
Updated:June 6, 2019, 12:17 PM IST
ছচিয়েল মিডিয়াত ভুৱা বাতৰি বিয়পোৱা লোকক ৫ বছৰৰ জে’ল, ১০ লাখ জৰিমনা!
২১ এপ্ৰিলত ইষ্টাৰত সংঘটিত ধাৰাবাহিক বিস্ফোৰণৰ পিছতে সমগ্ৰ শ্ৰীলংকাত ছচিয়েল মিডিয়াৰ জৰিয়তে একাংশই ভুৱা খবৰ আৰু ঘৃণা বিয়পোৱা মন্তব্য প্ৰচাৰ কৰিছিল।
news18assam
Updated: June 6, 2019, 12:17 PM IST
ভুৱা খবৰ আৰু ঘৃণা বিয়পোৱা মন্তব্য ৰোধ কৰাৰ বাবে নতুন আইন প্ৰৱৰ্তন কৰিব শ্ৰীলংকা চৰকাৰে। এই আইনৰ জৰিয়তে ছচিয়েল মিডিয়াত ভুল তথ্য আৰু ঘৃণা বিয়পোৱা লোকৰ ৫ বছৰ পৰ্যন্ত হ’ব জে’ল। তদুপৰি ১০ লাখ টকা (ভাৰতীয় হিচাপত ৩.৯২ লাখ টকা)ৰ জৰিমনা বিহা হ’ব।

২১ এপ্ৰিলত ইষ্টাৰত সংঘটিত ধাৰাবাহিক বিস্ফোৰণৰ পিছতে সমগ্ৰ শ্ৰীলংকাত ছচিয়েল মিডিয়াৰ জৰিয়তে একাংশই ভুৱা খবৰ আৰু ঘৃণা বিয়পোৱা মন্তব্য প্ৰচাৰ কৰিছিল। যাৰ ফলত বিভিন্ন ঠাইত সৃষ্টি হৈছিল সংঘৰ্ষৰ। ফেচবুক, টুইটাৰ আৰু WhatsAppৰ দায়িত্বহীন ভূমিকা ইয়াৰ বাবে দায়ী বুলি মন্তব্য কৰিছে চৰকাৰে।

শ্ৰীলংকাত ভুৱা খবৰ ৰোধৰ বাবে পিছত চৰকাৰে ৯ দিনৰ বাবে ছচিয়েল মিডিয়া নিষিদ্ধ কৰিছিল দেশখনত। সন্ত্ৰাসবাদী সংগঠন ইছলামিক ষ্টেটে আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰি আক্ৰমণত অভিযুক্তৰ ফটো আৰু ভিডিঅ’ মুকলি কৰি দিছিল। এই ভিডিঅ’ মাধ্যমেৰে জনসাধাৰণলৈ সম্প্ৰসাৰিত হোৱাৰ পিছত দেশখনত YouTube অস্থায়ীভাৱে বন্ধ কৰি দিয়া হৈছিল। এনেধৰণৰ অপপ্ৰচাৰ ৰোধৰ বাবেই চৰকাৰে গ্ৰহণ কৰিছে কঠোৰ সিদ্ধান্ত।  ‘দৈনিক ভাস্কৰ’ত প্ৰকাশ পাইছে এই খবৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি