• Home
  • »
  • News
  • »
  • world
  • »
  • Sri Lanka Crisis: ৰাষ্ট্ৰপতি ৰাজাপক্ষেৰ ভৱনত ওলাইছে কোটি কোটি টকা, শ্ৰীলংকাৰ প্ৰতিবাদকাৰীৰ দাবী

Sri Lanka Crisis: ৰাষ্ট্ৰপতি ৰাজাপক্ষেৰ ভৱনত ওলাইছে কোটি কোটি টকা, শ্ৰীলংকাৰ প্ৰতিবাদকাৰীৰ দাবী

Sri Lanka Crisis: ডেইলী মিৰৰ কাকতত প্ৰকাশ পাইছে যে উদ্ধাৰ হোৱা ধনখিনি নিৰাপত্তাৰক্ষীক গতাই দিয়া হৈছে।

Sri Lanka Crisis: ডেইলী মিৰৰ কাকতত প্ৰকাশ পাইছে যে উদ্ধাৰ হোৱা ধনখিনি নিৰাপত্তাৰক্ষীক গতাই দিয়া হৈছে।

Sri Lanka Crisis: ডেইলী মিৰৰ কাকতত প্ৰকাশ পাইছে যে উদ্ধাৰ হোৱা ধনখিনি নিৰাপত্তাৰক্ষীক গতাই দিয়া হৈছে।

  • Share this:
শ্ৰীলংকা (Sri Lanka)ৰ পলাতক ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপক্ষেৰ ভৱনত কোটি কোটি টকা ওলোৱা বুলি দাবী কৰিছে শ্ৰীলংকাৰ প্ৰতিবাদকাৰীসকলে। দেওবাৰে সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপক্ষে (Gotabaya Rajapaksa)ৰ চৰকাৰী বাসগৃহত আক্ৰমণ কৰা শ্ৰীলংকাৰ চৰকাৰ বিৰোধী প্ৰতিবাদকাৰীয়ে তেওঁৰ অট্টালিকাৰ ভিতৰত কোটি কোটি টকা উদ্ধাৰ কৰা বুলি দাবী কৰিছে। ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে য’ত প্ৰতিবাদকাৰীয়ে উদ্ধাৰ কৰা মুদ্ৰাৰ নোট গণনা কৰি আছে। ডেইলী মিৰৰ কাকতত প্ৰকাশ পাইছে যে উদ্ধাৰ হোৱা ধনখিনি নিৰাপত্তাৰক্ষীক গতাই দিয়া হৈছে।

সংশ্লিষ্ট কৰ্তৃপক্ষই তথ্যসমূহ অনুসন্ধান কৰি পৰিস্থিতি অনুযায়ী ব্যৱস্থা গ্ৰহণ কৰিব বুলি জনাইছে বুলি বাতৰিটোত প্ৰকাশ পাইছে। শনিবাৰে শতাধিক চৰকাৰ বিৰোধী প্ৰতিবাদকাৰীয়ে দ্বীপ দেশখনৰ শেহতীয়া সময়ৰ আটাইতকৈ ভয়াৱহ অৰ্থনৈতিক সংকট (Sri Lanka Crisis)ক লৈ তেওঁৰ পদত্যাগৰ দাবী কৰিছিল। তাৰ পিছতে বেৰিকেড ভাঙি মধ্য কলম্বোৰ  নিৰাপত্তাৰক্ষীৰে গিজ-গিজাই থকা দুৰ্গ সদৃশ অঞ্চলত থকা ৰাজাপক্ষেৰ বাসগৃহত আক্ৰমণ চলায়। প্রধানমন্ত্রী ৰাণীল উইক্রেমসিংহৰ ব্যক্তিগত বাসগৃহত প্রৱেশ কৰি আন এটা প্রতিবাদকাৰী দলে জুই লগাই দিয়ে৷
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি