শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটবায়া ৰাজপাক্ষেৰ চৰকাৰী বাসভৱন দখল কৰিছে চৰকাৰ বিৰোধী প্ৰতিবাদকাৰীয়ে। দেওবাৰে প্ৰতিবাদকাৰীসকলে কেবিনেটৰ এক নকল বৈঠক অনুষ্ঠিত কৰে, যি সময়ত তেওঁলোকে আন্তৰ্জাতিক মুদ্ৰা নিধিৰ সৈতে দেশৰ অৰ্থনৈতিক সংকটৰ বিষয়ে আলোচনা কৰে, আৰু মক কেবিনেট বৈঠকত প্ৰতিবাদকাৰীসকলে প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমসিংহেৰ বিষয়ে আলোচনা কৰে।
IMFৰ (আন্তৰ্জাতিক মুদ্ৰা নিধি) সৈতে এক নকল বৈঠকত প্ৰতিবাদকাৰীসকলে এজন বিদেশী যুৱককো অন্তৰ্ভুক্ত কৰিছিল। প্ৰতিবাদকাৰীসকলৰ হাতলৈ অহাৰ পিছত বিদেশী যুৱকজনে ৰাষ্ট্ৰপতি ভৱন চাবলৈ গৈছিল। প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰপতি ভৱন দখল কৰাৰ পিছত, গোটবায়াৰ শোৱনি কোঠা, চুইমিং পুল, জিম ইফালে সিফালে ঘূৰি ফুৰা আৰু ফুৰ্তি কৰা দেখা গৈছে।
প্ৰতিবাদকাৰীসকল হিংসাত্মক হোৱাৰ পিছত ৰাষ্ট্ৰপতি গোটবায়া ৰাজপাক্ষে শনিবাৰে তেওঁৰ চৰকাৰী বাসভৱনৰ পৰা পলায়ন কৰিছিল। সন্দেহ কৰা হৈছে যে ৭৩ বছৰীয়া গোটবায়া ৰাজপাক্ষে অভূতপূৰ্ব অৰ্থনৈতিক সংকটক লৈ জনসাধাৰণৰ ব্যাপক হাহাকাৰৰ বাবে তেওঁৰ পৰিয়ালৰ সৈতে আণ্ডাৰগ্ৰাউণ্ড হৈ পৰিছে।
অৱশ্যে, সংসদৰ অধ্যক্ষ মহিন্দা য়াপা অভয়বৰ্ধনেক গোটাবায়া ৰাজপাক্ষে এক অজ্ঞাত স্থানৰ পৰা অৱগত কৰিছে যে তেওঁ বুধবাৰে, ১৩ জুলাইত ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰিব। প্ৰধানমন্ত্ৰী বিক্ৰমসিংহেও পদত্যাগৰ প্ৰস্তাৱ আগবঢ়ায়, কিন্তু প্ৰধানমন্ত্ৰী বিক্ৰমসিংহে পদত্যাগ কৰাৰ প্ৰস্তাৱ দিয়া স্বত্বেও প্ৰতিবাদকাৰীসকলে তেওঁক এৰি দিয়া নাছিল আৰু ৰাজধানীৰ এক সমৃদ্ধ অঞ্চলত তেওঁৰ ব্যক্তিগত বাসভৱনত জুই লগাই দিছিল।
ইয়াৰ পূৰ্বে মে মাহত ৰাষ্ট্ৰপতি গোটবায়া ৰাজপাক্ষেৰ জ্যেষ্ঠ ভাতৃ আৰু তেতিয়াৰ প্ৰধানমন্ত্ৰী মহিন্দা ৰাজপাক্ষে বৃহৎ পৰিমাণৰ চৰকাৰ বিৰোধী প্ৰতিবাদৰ বাবে পদত্যাগ কৰিব লগা হৈছিল। মহিন্দা আৰু গোটবায়া ভাতৃ দুয়োকে আগতে শ্ৰীলংকাৰ বহুতে এলটিটিইৰ বিৰুদ্ধে গৃহযুদ্ধত জয়ী হোৱাৰ বাবে নায়ক হিচাপে প্ৰশংসা কৰিছিল, কিন্তু এতিয়া তেওঁলোকে দেশৰ আটাইতকৈ বেয়া অৰ্থনৈতিক সংকটৰ বাবে দুয়োজন ভাতৃক দোষাৰোপ কৰিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|