শাসকীয় দলটোৰ সমৰ্থকসকলে প্ৰতিবাদকাৰীসকলক ছত্ৰভংগ দিয়াবলৈ চেষ্টা কৰিছিল। কিন্তু প্ৰতিবাদকাৰীসকলে ওলোটাই মন্ত্ৰীজনৰ ঘৰত অগ্নিসংযোগহে কৰিলে। এই ঘটনা সংঘটিত হৈছে আৰাচ্চিকট্টুৱাত। উল্লেখ্য যে অৰ্থনৈতিক সংকটত বিধ্বস্ত দেশখনত আজি চৰকাৰ বিৰোধী প্ৰতিবাদকাৰীয়ে এজন সাংসদকো হত্যা কৰিছে।