এযোৰ জোতাৰ অভাৱত খালী ভৰিৰে অনুশীলন কৰিছিল হিমা দাসে, আজি এডিডাছৰ ব্ৰেণ্ড এম্বেছাডৰ : নীতা আম্বানী

আজি হিমা কেৱল স্বৰ্ণপদক বিজেতাই নহয়, এডিডাছ কোম্পানীৰ ব্ৰেণ্ড এম্বেছাডৰ, এয়াই খেলৰ শক্তি – নীতা আম্বানী

News18-Assam
Updated:October 9, 2019, 12:05 PM IST
এযোৰ জোতাৰ অভাৱত খালী ভৰিৰে অনুশীলন কৰিছিল হিমা দাসে, আজি এডিডাছৰ ব্ৰেণ্ড এম্বেছাডৰ : নীতা আম্বানী
আজি হিমা কেৱল স্বৰ্ণপদক বিজেতাই নহয়, এডিডাছ কোম্পানীৰ ব্ৰেণ্ড এম্বেছাডৰ, এয়াই খেলৰ শক্তি – নীতা আম্বানী
News18-Assam
Updated: October 9, 2019, 12:05 PM IST
লণ্ডনত অনুষ্ঠিত স্প’ৰ্টছ বিজনেছ ছামিটত ৰিলায়েঞ্চ ফাউণ্ডেচনৰ অধ্যক্ষ নীতা আম্বানীয়ে উল্লেখ কৰে অসম কন্যা হিমা দাসৰ প্ৰসংগ। নীতা আম্বানীয়ে কয় যে ১৯ বছৰীয়া স্প্ৰিণ্টাৰ হিমা দাসে মাত্ৰ ২০ দিনৰ ভিতৰত ৫টাকৈ স্বৰ্ণপদক অৰ্জন কৰিছে। এযোৰ জোতাৰ অভাৱত খালী ভৰিৰে অনুশীলন কৰিছিল হিমাই। আজি হিমা কেৱল স্বৰ্ণপদক বিজেতাই নহয়, এডিডাছ কোম্পানীৰ ব্ৰেণ্ড এম্বেছাডৰ। এয়াই খেলৰ শক্তি।

নীতা আম্বানীয়ে কয় যে ১০ বছৰ পূৰ্বে মোৰ স্বামী মুকেশ আম্বানী আৰু মই সকলো ভাৰতীয় বিশেষকৈ মহিলা আৰু শিশুসকলক শক্তিশালী কৰিবলৈ ৰিলায়েঞ্চ ফাউণ্ডেচনৰ আৰম্ভণি কৰিছিলো। আমি ভাৰতৰ প্ৰত্যন্ত গাঁও আৰু চহৰৰ বিভিন্ন অঞ্চলত কাম কৰি ৩৪ মিলিয়ন লোকৰ জীৱন স্পৰ্শ কৰাৰ সৌভাগ্য লাভ কৰিছো।



চৰকাৰৰ সমৰ্থন অবিহনে কোনো দেশেই ক্ৰীড়াক্ষেত্ৰত শক্তিশালী হ’ব নোৱাৰে। বৰ্তমান ভাৰতত, আমি ভাগ্যৱান যে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতক এক বৈশ্বিক ক্ৰীড়া শক্তিলৈ পৰিণত কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে। বিশ্বজুৰি যোগৰ সমান্তৰালকৈ শেহতীয়াকৈ ক্ৰীড়াৰ প্ৰচাৰৰ বাবে ‘The Khelo India’ আৰু ‘Fit India’ৰ দৰে দুটি বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। এই উদ্যোগত সহায় কৰা ডিজিটেল বিপ্লৱে ভাৰতৰ দৃশ্যপট সলনি কৰিছে। এইদৰে কয় নীতা আম্বানীয়ে।

অনুষ্ঠানত নীতা আম্বানীয়ে কয় যে বিশ্বৰ ভিতৰত ভাৰত দ্বিতীয় সৰ্ববৃহৎ ডিজিটেলী কানেক্টেড দেশ। ৰিলায়েঞ্চৰ নতুন পদক্ষেপ Jio আজি ভাৰতৰ সৰ্ববৃহৎ ডিজিটেল সেৱা কোম্পানী আৰু বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ম’বাইল কোম্পানী।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।



 
আৰু চাওক পৰৱৰ্তী বাতৰি