ভাৰতত ফুটবলৰ বৃহৎ সুযোগ আৰু সম্ভাৱনা আছে, সেয়ে ISL অনুষ্ঠিত কৰিবলৈ অনুপ্ৰেৰণা পাইছিলো। স্প’ৰ্টছ বিজনেছ ছামিটত এই মন্তব্য কৰে ৰিলায়েঞ্চ ফাউণ্ডেচনৰ অধ্যক্ষ নীতা আম্বানীয়ে।
নীতা আম্বানীয়ে কয় – যুৱ প্ৰজন্মৰ ফুটবলৰ প্ৰতি আগ্ৰহ আছে আৰু ফুটবল ভাল
পায়। আৰু মই দেখিছিলো যে ভাৰতত এই খেলবিধৰ ডাঙৰ সুযোগ আৰু সম্ভাৱনা আছে। এই কথাই মোক ইণ্ডিয়ান ছুপাৰ লীগ আয়োজন কৰিবলৈ অনুপ্ৰেৰণা যোগাইছিল।
নীতা আম্বানীয়ে কয় যে ৫ বছৰৰ ভিতৰত ইণ্ডিয়ান ছুপাৰ লীগ সৰ্বাধিক দৰ্শকে উপভোগ কৰা খেলৰ তালিকাৰ তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে। ২০১৮ চনত টেলিভিছনত ISLৰ দৰ্শক ১৬৮ মিলিয়নৰো অধিক আছিল আৰু ডিজিটেল দৰ্শক আছিল ১২ মিলিয়নৰো অধিক।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|