• Home
  • »
  • News
  • »
  • world
  • »
  • বিশ্বৰ তৃতীয় সৰ্ববৃহৎ যৌনতাৰ কেন্দ্ৰ এই দেশৰ প্ৰধানমন্ত্ৰীয়ে সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিব পতিতা বৃত্তি

বিশ্বৰ তৃতীয় সৰ্ববৃহৎ যৌনতাৰ কেন্দ্ৰ এই দেশৰ প্ৰধানমন্ত্ৰীয়ে সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিব পতিতা বৃত্তি

 প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সিদ্ধান্তত উপনীত হোৱাৰ মুখ্য কাৰণ হিচাপে উল্লেখ কৰে যে এই বৃত্তিটোৱে মহিলাসকলক দাসত্বৰ শিকলিৰে বান্ধি ৰাখে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সিদ্ধান্তত উপনীত হোৱাৰ মুখ্য কাৰণ হিচাপে উল্লেখ কৰে যে এই বৃত্তিটোৱে মহিলাসকলক দাসত্বৰ শিকলিৰে বান্ধি ৰাখে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সিদ্ধান্তত উপনীত হোৱাৰ মুখ্য কাৰণ হিচাপে উল্লেখ কৰে যে এই বৃত্তিটোৱে মহিলাসকলক দাসত্বৰ শিকলিৰে বান্ধি ৰাখে।

  • Share this:

স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰো চাঞ্চেজে দেশখনত যৌন বৃত্তি বিলুপ্ত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈছে। তেওঁ দেওবাৰে এই প্ৰতিশ্ৰুতি দিয়ে দেশবাসীক। বিবিচিৰ প্ৰতিবেদন মতে, স্পেইনৰ ভেলেন্সিয়াত ছ'চিয়েলিষ্ট পাৰ্টীৰ তিনিদিনীয়া কংগ্ৰেছৰ সমাপ্তিত পেড্ৰো চাঞ্চেজে সমৰ্থকসকলক সম্বোধন কৰি দেশত যৌনবৃত্তি ৰদ কৰাৰ কথা কয়।


প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সিদ্ধান্তত উপনীত হোৱাৰ মুখ্য কাৰণ হিচাপে উল্লেখ কৰে যে এই বৃত্তিটোৱে মহিলাসকলক দাসত্বৰ শিকলিৰে বান্ধি ৰাখে। উল্লেখ্য, ২০১৬ চনত ৰাষ্ট্ৰসংঘই কৈছিল যে স্পেইনত যৌন বৃত্তিৰ বিত্তীয় মূল্য আছিল প্ৰায় ৭.৩ বিলিয়ন ইউৰো।


২০০৯ চনৰ এক জৰীপ অনুসৰি, তিনিজন স্পেইনীয় পুৰুষৰ ভিতৰত এজনে যৌন সম্ভোগৰ বাবে ধন খৰচ কৰে। ২০০৯ চনতে প্ৰকাশিত আন এক প্ৰতিবেদনে ইংগিত দিছিল যে সংখ্যাটো ৩৯ শতাংশলৈকে হ'ব পাৰে। ২০১১ চনৰ ৰাষ্ট্ৰসংঘৰ এক অধ্যয়নত স্পেইন বিশ্বৰ তৃতীয় সৰ্ববৃহৎ যৌনতাৰ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল। থাইলেণ্ড তালিকাত প্ৰথম, পুয়েৰ্টো ৰিকো দ্বিতীয় স্থানত আছে।


স্পেইনত বৰ্তমান বহুত বেছি অনিয়ন্ত্ৰিত হৈ পৰিছে যৌন বৃত্তি। প্ৰায় ৩,০০,০০০ মহিলা যৌনবৃত্তিৰ সৈতে জড়িত বুলি অনুমান কৰা হয়। উল্লেখ্য, পেড্ৰো চেঞ্চেজৰ দলে ২০১৯ চনত ইয়াৰ নিৰ্বাচনী ইস্তাহাৰত যৌন বৃত্তিক অবৈধ ঘোষণা কৰাৰ প্ৰতিশ্ৰুতি দিছিল। যৌন বৃত্তিক দৰিদ্ৰতাৰ অন্যতম নিষ্ঠুৰ দিশ বুলি অভিহিত কৰি ই মহিলাৰ বিৰুদ্ধে হিংসাৰ এটা আটাইতকৈ বেয়া দিশ বুলি উল্লেখ কৰিছিল।

Published by:Gautam Barman
First published: