পৃথিৱীৰ এক ডাঙৰ সমস্যা জলবায়ু পৰিৱৰ্তন। জলবায়ু পৰিৱৰ্তনৰ ফলত বহুতো দেশ বানপানী, গোলকীয় উষ্ণতা বৃদ্ধি আদিৰ ভুক্তভোগী হৈছে। এনে সময়তে জলবায়ু পৰিৱৰ্তনক লৈ নাছাই কৰিছে এক বিপদৰ পূৰ্বানুমান। নাছাই কৰা এটা অধ্যয়নত কোৱা হৈছে যে ঋতুকালীন ঘটনাবোৰ পৃথিৱীৰ উপগ্ৰহ চন্দ্ৰৰ (Moon) সৈতে সম্পৰ্কিত।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ সংস্থা নাছাৰ দ্বাৰা কৰা অধ্যয়নটোত দাবী কৰা হৈছে যে চন্দ্ৰৰ কক্ষপথৰ এক 'কম্পন' (wobble)ৰ সংযুক্ত ৰূপে পৃথিৱীলৈ বিধ্বংসী বানপানী আনিব পাৰে। এই অধ্যয়নটো ২১ জুনত জাৰ্নেল অৱ নেচাৰ ক্লাইমেট চেঞ্জত প্ৰকাশ কৰা হৈছিল।
২০৩০ চনৰ পৰা বানপানী অব্যাহত থাকিব পৃথিৱীত
যেতিয়া সাগৰৰ জোৱাৰ দৈনিক গড় উচ্চ জোৱাৰৰ পৰা প্ৰায় ২ ফুট ওপৰলৈ উঠে, ইয়াক উপকূলীয় অঞ্চলত 'বিধ্বংসী বানপানী' বুলি কোৱা হয়। এই বানপানীৰ ফলত ব্যৱসায়ৰ যথেষ্ট ক্ষতি হয়, কিয়নো পানী প্ৰায়ে ৰাস্তা আৰু ঘৰত প্ৰৱেশ কৰে যি দৈনন্দিন জীৱনক প্ৰভাৱিত কৰে। নাছাৰ এক অধ্যয়ন অনুসৰি, ২০৩০-ৰ দশকৰ মাজভাগলৈ এই 'বিধ্বংসী বানপানী'বোৰে স্বাভাৱিক জীৱনক নিৰন্তৰ আৰু অনিয়মীয়াভাৱে প্ৰভাৱিত কৰিব।
অধ্যয়ন অনুসৰি, আমেৰিকা যুক্তৰাষ্ট্ৰৰ বেছিভাগ উপকূলীয় অঞ্চলত কমেও এদশকলৈ উচ্চ জোৱাৰৰ আশংকা তিনিৰ পৰা চাৰিগুণ বৃদ্ধি হ'ব। প্ৰতিবেদনখনে সতৰ্ক কৰি দিছে যে বানপানীয়ে গোটেই বছৰটো প্ৰভাৱিত নকৰে যদিও কেইমাহমানৰ ভিতৰতে ব্যাপক প্ৰভাৱ পেলাব। নাছাৰ প্ৰশাসক বিল নেলছনৰ মতে সাগৰপৃষ্ঠৰ ওচৰৰ নিম্ন অঞ্চলবোৰ বৰ্ধিত বানপানীৰ বাবে বিপদাশংকাৰ আটাইতকৈ ওচৰত আছে আৰু অদূৰ ভৱিষ্যতে বিপদাশংকা আৰু বৃদ্ধি পাব।
সাগৰপৃষ্ঠৰ সৈতে চন্দ্ৰৰ কম্পনৰ সংযোগ বিপজ্জনক
তেওঁ কয় যে চন্দ্ৰৰ মাধ্যাকৰ্ষণ শক্তি, সাগৰৰ স্তৰ বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তন সকলো মিলি সমগ্ৰ বিশ্বৰ আমাৰ সমুদ্ৰতীৰত উপকূলীয় বানপানী বৃদ্ধি পাব। বানপানীৰ ওপৰত চন্দ্ৰৰ প্ৰভাৱৰ বিষয়ে ব্যাখ্যা কৰি অধ্যয়নটোৰ মুখ্য লেখক ফিল থম্পছনে (হাৱাই বিশ্ববিদ্যালয়ৰ এজন সহকাৰী অধ্যাপক) কৈছিল যে চন্দ্ৰক কক্ষপথ সম্পূৰ্ণ কৰিবলৈ ১৮.৬ বছৰ সময় লাগে। তেওঁৰ মতে পৃথিৱীৰ বৰ্ধিত তাপ তথা সাগৰীয় জলস্তৰ বৃদ্ধিৰে চন্দ্ৰৰ কম্পনৰ সংযোগ অতি বিপজ্জনক ৰূপে পৰিচিত হ'ব পাৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|