পৰ্টুগালৰ তাৰকা ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰনাল্ড’ৰ খেলপথাৰত অৱতীৰ্ণ নোহোৱাৰ বাবে আয়োজকৰ বিৰুদ্ধে গোচৰ তৰিব দক্ষিণ কোৰিয়াৰ প্ৰায় ২ হাজাৰ ফুটবলপ্ৰেমীয়ে।
পৰ্টুগালৰ তাৰকা ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰনাল্ড’ৰ খেলপথাৰত অৱতীৰ্ণ নোহোৱাৰ বাবে আয়োজকৰ বিৰুদ্ধে গোচৰ তৰিব দক্ষিণ কোৰিয়াৰ প্ৰায় ২ হাজাৰ ফুটবলপ্ৰেমীয়ে।
পৰ্টুগালৰ তাৰকা ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰনাল্ড’ৰ খেলপথাৰত অৱতীৰ্ণ নোহোৱাৰ বাবে আয়োজকৰ বিৰুদ্ধে গোচৰ তৰিব দক্ষিণ কোৰিয়াৰ প্ৰায় ২ হাজাৰ ফুটবলপ্ৰেমীয়ে। এক সূত্ৰৰ তথ্য অনুসৰি বিগত সপ্তাহত এখন খেল হৈছিল। পিছে প্ৰতিদ্বন্দ্বিতাৰ সময়ত অনুৰাগীয়ে খেলপথাৰত এবাৰো নেদেখিলে ৰনাল্ড’ক। পছন্দৰ ফুটবলাৰগৰাকীৰ খেল চাবলৈ অধীৰ অপেক্ষাৰত আছিল গেলেৰীত থকা প্ৰায় ৬৫ হাজাৰ দৰ্শক। ৰনাল্ড’ৰ নাম লিখি হাতে হাতে প্লেকাৰ্ড লৈ ফুটবলাৰগৰাকীৰ নাম উচ্চ স্বৰত চিঞৰি অপেক্ষা কৰিছিল দৰ্শকে। পিছে খেল আৰম্ভ হ’ল, খেলপথাৰত নেদেখিলে ৰনাল্ড’ক। নিৰাশ হৈ বহু দৰ্শকে ৰনাল্ড’ৰ বিপৰীতে সমৰ্থন কৰিবলৈ ল’লে লিঅ’নেল মেছীক। উল্লেখ্য যে খেল আৰম্ভৰ পূৰ্বে আয়োজক কমিটীয়ে ঘোষণা কৰিছিল যে খেলৰ ৪৫ মিনিটৰ পিছতহে খেলপথাৰত অৱতীৰ্ণ হ’ব ক্ৰিষ্টিয়ানো ৰনাল্ড’। খেলখন সম্পূৰ্ণ হ’ল, পিছে অনুৰাগীয়ে দেখিবলৈ নাপালে নিজৰ পছন্দৰ ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰনাল্ড’ৰ খেল। সেয়ে আয়োজক কমিটীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ সিদ্ধান্ত লৈছে দৰ্শকে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|