মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »Covid Pandemic : মাস্ক পৰিধান নকৰাৰ বাবে জৰিমনা বিহা হ'ল প্ৰধানমন্ত্ৰীক

Covid Pandemic : মাস্ক পৰিধান নকৰাৰ বাবে জৰিমনা বিহা হ'ল প্ৰধানমন্ত্ৰীক

কোৰোণা মহামাৰীৰ মাজতে মাস্ক পৰিধান নকৰাৰ বাবে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী প্ৰায়ুথ চান অ'চাক বিহা হয় ১৯০ ডলাৰ জৰিমনা।

কোৰোণা মহামাৰীৰ মাজতে মাস্ক পৰিধান নকৰাৰ বাবে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী প্ৰায়ুথ চান অ'চাক বিহা হয় ১৯০ ডলাৰ জৰিমনা।

কোৰোণা মহামাৰীৰ মাজতে মাস্ক পৰিধান নকৰাৰ বাবে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী প্ৰায়ুথ চান অ'চাক বিহা হয় ১৯০ ডলাৰ জৰিমনা।

  • Share this:
কোৰোণা মহামাৰী সৈতে বিশ্বই যুঁজ দি থকাৰ লগতে এই মহামাৰীৰ বাবেই এতিয়া মাস্ক, ছেনিটাইজাৰ আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে। মাস্ক পৰিধান নকৰাৰ ফলতেই ভাইৰাছ সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ভিন্ন দেশৰ চৰকাৰে কঠোৰতম পদক্ষেপো হাতত লোৱা দেখা গৈছিল। সাধাৰণ জনতাই মাস্ক পৰিধানক লৈ দেখুওৱা অৱহেলাৰ বাবেই জৰিমনা বিহাৰো ব্যৱস্থা কৰা হৈছিল।

কিন্তু সাধাৰণ জনতাটো দূৰৈৰ কথা, এইবাৰ মাস্ক পৰিধানক লৈ অৱহেলা দেখুওৱাৰ বাবে জৰিমনা বিহা হ'ল থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীক। প্ৰধানমন্ত্ৰী প্ৰায়ুথ চান অ'চাই কোৰোণা মহামাৰীৰ মাজতেই মাস্ক পৰিধান নকৰাৰ বাবে তেওঁক ১৯০ ডলাৰ অৰ্থাৎ ১৪,০০০ টকাতকৈ অধিক জৰিমনা বিহা হৈছে। এই তথ্য অৱগত কৰে দেশখনৰ ৰাজ্যপালে। অৱশ্যে থাইলেণ্ডত মাস্ক পৰিধান নকৰাৰ বাবে সাধাৰণ জনতাৰ পৰা ১০০০, ১২০০ টকা নহয়, প্ৰায় ৪৭,০০০ টকাৰ জৰিমনা সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰা হৈছে।

দৰাচলতে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী প্ৰায়ুথ চান অ'চাই ফেচবুক পেজত নিজৰ এখন ফটো পোষ্ট কৰিছিল, য'ত তেওঁ এখন সভাত মাস্ক পিন্ধি থকা অৱস্থাত নাছিল। এই পোষ্টৰ পিছতে বেংককৰ গভৰ্ণৰ অ'চাৱিন কুৱানমুৱাঙে তেওঁৰ ফেচবুক পেজত কৈছিল যে তেঁও প্ৰধানমন্ত্ৰীক নিয়ম উলংঘনৰ বিষয়ে অৱগত কৰিছে।

লক্ষ্যণীয় যে, থাইলেণ্ড চৰকাৰে শেহতীয়াকৈ দেশখনত কোৰোণাৰ সংক্ৰমণ ৰোধ কৰিবলৈ এক বৃহৎ জৰিমনা আৰোপৰ সিদ্ধান্ত লৈছে। থাইলেণ্ডৰ ৪৮খন প্ৰদেশত মাস্ক পৰিধান নকৰা লোকসকলক ৬৪০ ডলাৰ জৰিমনা বিহাৰ সিদ্ধান্ত লৈছে চৰকাৰে। যিহেতু থাইলেণ্ডৰ চৰকাৰে কোৰোণাৰ নতুন ঢৌৰ সন্মুখীন হৈছে, তেনেস্থলত স্বাস্থ্য সেৱাৰ অভাৱৰ বাবে এনে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে।

শেহতীয়া বাতৰি