
শ্ৰীলংকাৰ কৰ্তৃপক্ষৰ দ্বাৰা সমগ্ৰ দেশজুৰি কাৰফিউ জাৰি কৰাৰ মাজতে সোমবাৰে প্ৰধানমন্ত্ৰী মহিন্দা ৰাজপাক্ষে পদত্যাগ কৰে।
শ্ৰীলংকাৰ কৰ্তৃপক্ষৰ দ্বাৰা সমগ্ৰ দেশজুৰি কাৰফিউ জাৰি কৰাৰ মাজতে সোমবাৰে প্ৰধানমন্ত্ৰী মহিন্দা ৰাজপাক্ষে পদত্যাগ কৰে।
শ্ৰীলংকাৰ কৰ্তৃপক্ষৰ দ্বাৰা সমগ্ৰ দেশজুৰি কাৰফিউ জাৰি কৰাৰ মাজতে সোমবাৰে প্ৰধানমন্ত্ৰী মহিন্দা ৰাজপাক্ষে পদত্যাগ কৰে। ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেৰ কাৰ্যালয়ৰ বাহিৰত চৰকাৰ পন্থী গোটবোৰে প্ৰতিবাদকাৰীসকলক আক্ৰমণ কৰাৰ পিছত ৰাজধানী কলম্বোত সেনা বাহিনী মোতায়েন কৰা হৈছে। এই আক্ৰমণত শাসকীয় দলৰ এজন সাংসদ নিহত হৈছিল আৰু কমেও ৭৮ জন আহত হৈছিল।
সোমবাৰে এই হিংসাত্মক ঘটনাটো মহিন্দা ৰাজপাক্ষে প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ প্ৰস্তাৱ দিব পাৰে বুলি বাতৰি পোৱাৰ পিছত সংঘটিত হৈছিল কিয়নো তেওঁৰ সৰু ভাতৃ আৰু ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেৰ নেতৃত্বত চৰকাৰে দেশত চলি থকা অৰ্থনৈতিক সংকটৰ মোকাবিলা কৰিবলৈ অন্তৱৰ্তীকালীন প্ৰশাসন গঠনৰ বাবে চাপত আছে। আৰক্ষীৰ এজন মুখপাত্ৰই স্থানীয় সংবাদ মাধ্যমৰ উদ্ধৃতি দি কৈছিল যে পৰৱৰ্তী জাননী নোপোৱালৈকে তাৎক্ষণিক ভাৱে সমগ্ৰ শ্ৰীলংকাত কাৰফিউ জাৰি কৰা হৈছে। আইন-শৃংখলা পৰিস্থিতি বজাই ৰখাত সহায় কৰিবলৈ প্ৰতিবাদস্থলীত সামৰিক বাহিনী মোতায়েন কৰা হৈছে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|