আৰ্থিক সংকটত জুৰুলা শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেই দেশ এৰি মালদ্বীপলৈ পলায়ন কৰিছে। ৰাজপাক্ষেই দেশ এৰাৰ পিছত জনতাৰ মাজত ক্ষোভৰ উদ্গীৰণ হৈছে। ৰাজধানী কলম্বোৰ ৰাজপতত প্ৰতিবাদকাৰীয়ে চলাইছে উদ্ভণ্ডালি। হাজাৰ হাজাৰ লোকে সংসদ ভৱনৰ ফালে সমদল কৰি আগবাঢ়িছে। বহু প্ৰতিবাদকাৰী আগবাঢ়িছে প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ দিশে। বৰ্তমান শ্ৰীলংকাত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে।
আনহাতে, ৰাজপাক্ষেই বিৰোধৰ ১৩৯ দিন পিছত ইস্তাফা দিছে। আজি সংসদত তেওঁৰ পদত্যাগ ঘোষণা হোৱাৰ সম্ভাৱনা আছে। লগতে অন্তৰ্ৱৰ্তীকালীন ৰাষ্ট্ৰপতিৰ নামো ঘোষণা হ’ব পাৰে।
শ্ৰীলংকাৰ পৰিস্থিতি দ্ৰুতগতিত অৱনতি ঘটিছে। গোটাবায়াই দেশ এৰি পলায়ন কৰাৰ পিছত ক্ষুব্ধ জনতা প্ৰধানমন্ত্ৰীৰ বাসগৃহক লক্ষ্য কৰি লৈছে। পৰিস্থিতিলৈ লক্ষ্য ৰাখি দেশখনত ঘোষণা কৰা হৈছে জৰুৰীকালীন অৱস্থা।
শ্ৰীলংকাত বৃহত সংখ্যক প্ৰতিবাদকাৰীয়ে প্ৰধানমন্ত্ৰী ৰনল বিক্ৰমসিংঘেৰ আৱাসত উপস্থিত হৈছে। মোতায়েন কৰা হৈছে বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষী। ইয়াৰ মাজতে নিৰাপত্তাৰক্ষীয়ে লাঠিচাৰ্জো কৰিবলৈ বাধ্য হয়। শ্ৰীলংকাৰ পশ্চিম প্ৰান্তত কাৰ্ফিউ লগোৱা হৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|