শ্ৰীলংকাত চলি থকা অৰ্থনৈতিক আৰু ৰাজনৈতিক সংকটৰ মাজতে আজি দেশৰ নতুন ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছে। ৰনিল বিক্ৰমসিংঘে শ্ৰীলংকাৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে। বিক্ৰমসিংঘে আগতে ছয়বাৰ প্ৰধানমন্ত্ৰী আছিল। যোৱা কেইদিনমানত, ৰাজনৈতিক অস্থিৰতাৰ মাজত, তেওঁ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে। গোটবায়া ৰাজপাক্ষে দেশৰ পৰা পলাই যোৱাৰ পিছত কাৰ্যকৰী ৰাষ্ট্ৰপতিৰ ভূমিকা তেওঁ পালন কৰি আছিল।
ৰাষ্ট্ৰপতি পদৰ দৌৰত, বিক্ৰমসিংঘে দুল্লাছ আলহাপেৰুমা আৰু অনুৰা কুমাৰা দিসানায়েকেৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিছিল। স্থানীয় সময় অনুসৰি ৰাতিপুৱা ১০ বজাত ভোটদান আৰম্ভ হৈছিল। প্ৰথম ভোটটো স্পীকাৰে আৰু দ্বিতীয়টো ৰনিল বিক্ৰমসিংঘে দিছিল।
৪ টা ভোট অবৈধ আছিল
২২৩ জনীয়া সংসদত দুজন সাংসদ অনুপস্থিত আছিল আৰু মুঠ ২১৯ টা ভোট বৈধ বুলি ঘোষণা কৰা হৈছিল। তাত ৪ টা ভোট আছিল যিবোৰ অবৈধ বুলি ঘোষণা কৰা হৈছিল। বিক্ৰমসিংঘে আগতে দুবাৰ কৈ ৰাষ্ট্ৰপতি নিৰ্বাচনত পৰাজিত হৈছিল আৰু এতিয়া দেশৰ ৰাষ্ট্ৰপতি হৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|