• Home
  • »
  • News
  • »
  • world
  • »
  • এইবাৰ যোগৰ উৎপত্তিক লৈ বিতৰ্ক নেপালৰ প্ৰধানমন্ত্ৰী অলিৰ! ক'লে, যেতিয়া যোগৰ সৃষ্টি ভাৰতত নহয়, নেপালত হৈছিল

এইবাৰ যোগৰ উৎপত্তিক লৈ বিতৰ্ক নেপালৰ প্ৰধানমন্ত্ৰী অলিৰ! ক'লে, যেতিয়া যোগৰ সৃষ্টি ভাৰতত নহয়, নেপালত হৈছিল

যোগক লৈ কৰা বক্তব্যৰ পিছতে সামাজিক মাধ্যমত যথেষ্ট সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে নেপালৰ প্ৰধানমন্ত্ৰীগৰাকী।

যোগক লৈ কৰা বক্তব্যৰ পিছতে সামাজিক মাধ্যমত যথেষ্ট সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে নেপালৰ প্ৰধানমন্ত্ৰীগৰাকী।

যোগক লৈ কৰা বক্তব্যৰ পিছতে সামাজিক মাধ্যমত যথেষ্ট সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে নেপালৰ প্ৰধানমন্ত্ৰীগৰাকী।

  • Share this:
ৰামৰ জন্মভূমি অযোধ্যাক লৈ বিতৰ্কিত মন্তব্য কৰা নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ আন এক দাবীয়ে পুনৰবাৰ বিতৰ্কৰ সৃষ্টি কৰিছে । ভাৰতৰ অযোধ্যাক ভুৱা বুলি অভিহিত কৰি প্ৰকৃত অযোধ্যা নেপালতহে আছে বুলি কোৱা অলিৰ এইবাৰৰ দাবী হৈছে যোগক লৈ । যিয়ে আচৰিত কৰি তুলিছে সকলোকে ।

অলিৰ দাবী, "নেপালৰ পৰাহে সমগ্ৰ বিশ্বলৈ বিয়পি পৰিছে যোগৰ চৰ্চা । নেপালত যোগৰ উৎপত্তি হোৱাৰ সময়ত ভাৰত নাছিলেই ।" আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস (International Yoga Day) উপলক্ষে তেওঁৰ বাসগৃহত আয়োজিত এক অনুষ্ঠানত এই দাবী কৰে অলিয়ে । এই বক্তব্যৰ পিছতে সামাজিক মাধ্যমত যথেষ্ট সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে নেপালৰ প্ৰধানমন্ত্ৰীগৰাকী ।

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে ভাষণ প্ৰদান কৰি কে পি শৰ্মা অলিয়ে কয় যে ভাৰতীয় বিশেষজ্ঞসকলে সদায়ে যোগ সম্পৰ্কীয় বহু গুৰুত্বপূৰ্ণ তথ্য বিশ্বৰ পৰা লুকুৱাই ৰাখিছে। তেওঁ লগতে কয় যে আজি আপুনি জনা ভাৰত অতীতত নাছিলেই । সেই সময়ত, ভাৰত বিভিন্ন অংশত বিভক্ত আছিল আৰু ই মহাদেশ বা উপমহাদেশৰ দৰে একে ৰূপত আছিল।

এয়াই প্ৰথমবাৰৰ বাবে নহয় যে নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে বিতৰ্কিত মন্তব্যৰে সকলোকে আচৰিত কৰিছে। ইয়াৰ পূৰ্বেও, ভাৰতৰ অযোধ্যাক তেওঁ ভুৱা বুলি অভিহিত কৰিছিল। তেওঁ কৈছিল যে প্ৰকৃত অযোধ্যা নেপালৰ এখন গাঁও বীৰগঞ্জৰ পশ্চিমে অৱস্থিত। অলিয়ে এইটোও দাবী কৰিছিল যে ভগৱান ৰামৰ জন্ম নেপালতহে হৈছিল। তেওঁ কৈছিল "আজিও আমি বিশ্বাস কৰো যে আমি ৰাজকুমাৰ ৰামক সীতা দিছিলো, কিন্তু আমি বিশ্বাস কৰিবলৈ সাজু নহয় যে আমি ভাৰতৰ অযোধ্যাৰ ৰাজকুমাৰক সীতা দিছিলো। আমাক সাংস্কৃতিকভাৱে দমন কৰা হৈছে আৰু ভাৰতৰ বিশেষজ্ঞসকলৰ দ্বাৰা তথ্যবোৰ তছনছ কৰা হৈছে।"

ইপিনে, লক্ষ্যণীয় যে ২০১৪ চনৰ ২৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আৰম্ভ কৰিছিল। ইয়াৰ পিছত ১১ ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ইয়াক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে উদযাপন কৰাৰ বাবে এক প্ৰস্তাৱ দিয়া হৈছিল। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ৰাষ্ট্ৰসংঘৰ ভাষণত ২১ জুনৰ দিনটো এই দিৱস হিচাপে পালন কৰাৰ পৰামৰ্শ দিছিল। পৰৱৰ্তী সময়ত, ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ১৯৩খন সদস্য দেশৰ ১৭৭খনে ধ্বনি ভোটৰ দ্বাৰা ২১ জুনক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে উদযাপন কৰাৰ বাবে প্ৰস্তাৱ গৃহীত কৰিছিল।
Published by:Sanjay Kumar Das
First published: