Indian Photojournalist Danish Siddiqui Killed: দানিশ ছিদ্দিকীয়ে নিজৰ কেৰিয়াৰৰ আৰম্ভণি টিভি ৰিপৰ্টাৰ হিচাপে আৰম্ভ কৰিছিল। পিছত তেওঁ ফটো সাংবাদিক হিচাপে সেৱা আগবঢ়ায়। ৰহিংগীয়া শৰনাৰ্থীৰ অসাধাৰণ কভাৰেজৰ বাবে তেওঁ ২০১৮ চনত পুলিটজাৰ বঁটাৰে সন্মানিত হৈছিল।
আফগানিস্তানত ভাৰতীয় সাংবাদিক দানিশ ছিদ্দিকী (Indian Photo Journalist Danish Siddiqui)ক হত্যা কৰা হয়। দানিশে নিউজ এজেন্সী ৰাইয়াৰ্চৰ বাবে কাম কৰিছিল। কিছুদিন ধৰি দেশখনত তেওঁ নিউজ ক'ভাৰ কৰি আছিল। ৰাইয়াৰ্চৰ খবৰ অনুসৰি, শুকুৰবাৰে দানিশে তালিবানী সন্ত্ৰাসবাদী আৰু আফগান আৰ্মীৰ মাজত হোৱা সংঘৰ্ষৰ ক'ভাৰ কৰি আছিল। আৰু সেইসময়তে তেওঁক হত্যা কৰা হয়। দানিশ ভাৰতৰ ৰাইটাৰ্ছ টিমৰ প্ৰমূখ আছিল।
আফগানিস্তানৰ ৰাজদূৰ ফৰীদ মামুদে শুকুৰবাৰে এই খবৰ জনায়। কন্ধাৰৰ স্পিন বোল্ডেক অঞ্চলৰ পৰা দানিশ ছিদ্দিকীৰ বডী ৰিক'ভাৰ কৰা হয়। তেওঁৰ মূৰত আৰু হাতত বন্দুকৰ গুলী লগাৰ স্পষ্ট চিন দেখা পোৱা গৈছিল। কিন্তু কিয় দানিশক হত্যা কৰা হ'ল, তাৰ তথ্য এই মুহূৰ্তলৈকে পোহৰলৈ অহা নাই।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|