• Home
  • »
  • News
  • »
  • world
  • »
  • বাংলাদেশৰ হিংসাত্মক ঘটনাৰ মূল অভিযুক্ত ইকবাল হুছেইনক গ্ৰেপ্তাৰ, দুৰ্গা পূজাৰ মণ্ডপত ৰাখিছিল কোৰাণ, CCTVত বন্দী হৈছিল সমগ্ৰ দৃশ্য

বাংলাদেশৰ হিংসাত্মক ঘটনাৰ মূল অভিযুক্ত ইকবাল হুছেইনক গ্ৰেপ্তাৰ, দুৰ্গা পূজাৰ মণ্ডপত ৰাখিছিল কোৰাণ, CCTVত বন্দী হৈছিল সমগ্ৰ দৃশ্য

আৰক্ষীয়ে চিচিটিভিৰ ফুটেজৰ জৰিয়তে চিনাক্ত কৰি তেওঁক ধৰিবলৈ টীম নিয়োগ কৰিছিল। বৃহস্পতিবাৰে নিশা গ্ৰেপ্তাৰ হয় ইকবাল।

আৰক্ষীয়ে চিচিটিভিৰ ফুটেজৰ জৰিয়তে চিনাক্ত কৰি তেওঁক ধৰিবলৈ টীম নিয়োগ কৰিছিল। বৃহস্পতিবাৰে নিশা গ্ৰেপ্তাৰ হয় ইকবাল।

আৰক্ষীয়ে চিচিটিভিৰ ফুটেজৰ জৰিয়তে চিনাক্ত কৰি তেওঁক ধৰিবলৈ টীম নিয়োগ কৰিছিল। বৃহস্পতিবাৰে নিশা গ্ৰেপ্তাৰ হয় ইকবাল।

  • Share this:
বাংলাদেশৰ হিংসাৰ (Bangladesh riots) মূল অভিযুক্ত ইকবাল হুছেইন (Prime suspect Iqbal Hossain)ক আৰক্ষীয়ে কক্স বজাৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে কয় যে ইকবালেই দুৰ্গা মণ্ডপত কোৰাণ ৰাখিছিল, যাৰ পিছতে সমগ্ৰ দেশখনত হিন্দুৰ বিৰুদ্ধে হিংসা আৰম্ভ হৈছিল।

আৰক্ষীয়ে চিচিটিভিৰ ফুটেজৰ জৰিয়তে চিনাক্ত কৰি তেওঁক ধৰিবলৈ টীম নিয়োগ কৰিছিল। বৃহস্পতিবাৰে নিশা গ্ৰেপ্তাৰ হয় ইকবাল। আনহাতে, তেওঁক গ্ৰেপ্তাৰৰ পিছত পৰিয়ালৰ লোকে কয় যে ইকবালৰ মানসিক অৱস্থা সুস্থিৰ নহয়। হয়তো আন কোনো লোকে ইয়াৰ সুবিধা লৈ দুৰ্গা পূজাৰ পেণ্ডেলত কোৰাণ ৰাখিবলৈ কৈছিল ইকবালক।

উল্লেখযোগ্য যে দুৰ্গা পূজাৰ পেণ্ডেলত কোৰাণ ৰখাৰ ঘটনাৰ পিছতে উত্তপ্ত হৈ পৰিছিল বাংলাদেশ। একাংশ দুৰ্বৃত্তই বহুকেইটা মন্দিৰ লণ্ডভণ্ড কৰাৰ লগতে ভাঙি পেলাইছিল দুৰ্গা প্ৰতিমাও। এই সংঘৰ্ষত ৭জন লোক নিহত হৈছিল।

Dhaka Tribune–এ আৰক্ষীৰ সূত্ৰৰ উদ্ধৃতিৰে কয় যে ইকবালৰ কোনো স্থায়ী চাকৰি নাই। ইফালে সিফালে ঘূৰি ফুৰে। এতিয়া এই কথা পোহৰলৈ অহা নাই যে এই ঘটনাৰ সৈতে কোনো ৰাজনৈতিক দলৰ সম্পৰ্ক আছেনে নাই। ৰিপ’ৰ্ট অনুসৰি, ইকবালৰ মাতৃ আমিনা বেগমৰ দাবী, তেওঁৰ পুত্ৰ ড্ৰাগছ আসক্ত আৰু তেওঁ নিজৰ পৰিয়ালৰ লোককে বিভিন্ন ধৰণে হাৰাশাস্তি কৰে।

বাংলাদেশৰ হিংসাত্মক ঘটনাক লৈ এতিয়ালৈ ৪৫০জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইমানেই নহয়, সাম্প্ৰদায়িক সংঘৰ্ষ সন্দৰ্ভত ৭২টা গোচৰ ৰুজু কৰা হৈছে। এই হিংসাৰ ফলত বহু হিন্দুৰ দোকান আৰু ঘৰ লুটি নিয়া হৈছে। কেইবাটাও মন্দিৰ আৰু দুৰ্গা পূজাৰ পেণ্ডেল ধ্বংস কৰা হৈছে। উল্লেখযোগ্য যে বাংলাদেশৰ মুঠ জনসংখ্যাৰ প্ৰায় ১০ শতাংশ হিন্দু লোক।
Published by:Sanjay Kumar Das
First published: