• Home
  • »
  • News
  • »
  • world
  • »
  • অভেদ্য পঞ্জশিৰ দখল কৰাৰ দাবী তালিবানৰ, NRFৰ চীফ কমাণ্ডাৰৰ মৃত্যু!

অভেদ্য পঞ্জশিৰ দখল কৰাৰ দাবী তালিবানৰ, NRFৰ চীফ কমাণ্ডাৰৰ মৃত্যু!

সোমবাৰে তালিবানৰ মুখপাত্ৰ জবিহুল্লাহ মুজাহিদে পঞ্জশিৰ তালিবানে কব্জা কৰা আৰু তালিবানৰ পতাকা উৰুওৱাৰ কথা নিশ্চিত কৰে।

সোমবাৰে তালিবানৰ মুখপাত্ৰ জবিহুল্লাহ মুজাহিদে পঞ্জশিৰ তালিবানে কব্জা কৰা আৰু তালিবানৰ পতাকা উৰুওৱাৰ কথা নিশ্চিত কৰে।

সোমবাৰে তালিবানৰ মুখপাত্ৰ জবিহুল্লাহ মুজাহিদে পঞ্জশিৰ তালিবানে কব্জা কৰা আৰু তালিবানৰ পতাকা উৰুওৱাৰ কথা নিশ্চিত কৰে।

  • Share this:
আফগানিস্তানৰ (Afghanistan) পঞ্জশিৰ ঘাটী (Panjshir)ক লৈ তালিবানে (Taliban) কৰিছে বৃহৎ দাবী। সংবাদ প্ৰতিষ্ঠান এএফপিৰ মতে, তালিবানে কৈছে যে তেওঁলোকে সম্পূৰ্ণ পঞ্জশিৰ প্ৰান্ত দখল কৰিছে। ইয়াৰ লগতে নেচনেল ৰেজিষ্টেন্স ফ’ৰ্চ (NRF) অৰ্থাৎ নৰ্ডান এলায়েঞ্চৰ চীফ কমাণ্ডাৰ ছালেহ মহম্মদ (Saleh Mohammad)ৰো মৃত্যু হোৱাৰ দাবী কৰিছে। তালিবানৰ মুখ্য মুখপাত্ৰ জবিহুল্লাহ মুজাহিদে এক বিবৃত্তিত কৈছে, ‘এই জয়ৰ পিছত আমাৰ দেশ সম্পূৰ্ণৰূপে যুদ্ধৰ দামামাৰ পৰা মুক্ত হ’ল।’ তালিবানে কয় যে পঞ্জশিৰক শীঘ্ৰে মাছুদ পৰিয়ালৰ পৰা স্বতন্ত্ৰ ঘোষণা কৰা হ’ব। এতিয়া এই স্থানত তালিবানী প্ৰশাসক থাকিব।

ইয়াৰ পূৰ্বে পঞ্জশিৰৰ সিংহ হিচাপে পৰিচিত আহমদ মাছুদে তালিবানৰ সন্মুখত শান্তিৰ বাৰ্তাৰ প্ৰস্তাৱ ৰাখিছিল। মাছুদে দাবী কৰিছিল যে তালিবানে নিজৰ সদস্যসকলক ওভতাই নিছে। তালিবানী যোদ্ধাসকল বাগলান প্ৰান্তৰ অন্দৰাব জিলাৰে পিছুৱাই গৈছে। মাছুদে কয় যে তালিবানসকলে পিছুৱাই যোৱাৰ পিছত এনআৰএফে নিজৰ মিলিটেৰি অপাৰেচন বন্ধ কৰাৰ ঘোষণা কৰিছে।

সোমবাৰে তালিবানৰ মুখপাত্ৰ জবিহুল্লাহ মুজাহিদে পঞ্জশিৰ তালিবানে কব্জা কৰা আৰু তালিবানৰ পতাকা উৰুওৱাৰ কথা নিশ্চিত কৰে। নৰ্ডান এলায়েঞ্চৰ ফালৰ পৰা এতিয়ালৈ কোনো মন্তব্য অহা নাই।
Published by:Sanjay Kumar Das
First published: