জোহান্সবাৰ্গৰ পশ্চিমে অৱস্থিত এখন সৰু চহৰ বোকচবাৰ্গৰ অ'আৰ টাম্বো মেম'ৰিয়েল হাস্পতালৰ ওচৰত এখন এলপিজি গেছ ভৰ্তি ট্ৰাক বিস্ফোৰণ হোৱাত কমেও আঠজন লোক নিহত হয়। বিস্ফোৰণৰ পিছত, ট্ৰাকখন ডাঙৰ ফায়াৰবললৈ পৰিণত হয়। অ'আৰ টাম্বো মেম'ৰিয়েল হস্পিটেলৰ ওচৰত সংঘটিত এই বিস্ফোৰণত কেইবাজনো লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। ঘটনাটোৰ ভয়ানক ফুটেজত বোকচবাৰ্গৰ ৰাস্তাত মানুহ জ্বলি থকা দেখা গৈছিল। কোৱা হৈছে যে তৰল পেট্ৰ'লিয়াম গেছ (এলপিজি) কঢ়িয়াই অনা ট্ৰাকখন কম উচ্চতাৰ দলঙত আৱদ্ধ হৈ পৰিছিল। দলংখনৰ চাদ এলপিজি ভৰ্তি ট্ৰাকৰ সৈতে খুন্দা লগাৰ পিছত বিস্ফোৰণ হয়।
ব্ৰিটিছ ৱেবছাইট ডেইলী এক্সপ্ৰেছৰ এক প্ৰতিবেদন অনুসৰি, ট্ৰাকখন উত্তৰ-পূব দক্ষিণ আফ্ৰিকাৰ টাম্বো চিকিৎসালয়ৰ কাষত বিস্ফোৰণ হৈছিল। ইয়াৰ পিছত, তাত থকা ৰোগীসকলো বিপদত পৰিছে। ঘটনাস্থলীত উপস্থিত লোকসকলে কৈছে যে বোকচবাৰ্গৰ দুৰ্ঘটনাত বহুলোক গুৰুতৰভাৱে দগ্ধ হৈছে।
Published by: Kokil Sarma
FIRST PUBLISHED : December 24, 2022, 14:44 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।