অসম ৰঞ্জি দলৰ প্ৰাক্তন খেলুৱৈ এতিয়া দক্ষিণ আফ্ৰিকাৰ বেটিং প্ৰশিক্ষক!

২ অক্টোবৰৰ পৰা ভাৰতৰ বিৰুদ্ধে হ’ব লগা টেষ্ট শৃংখলাত দক্ষিণ আফ্ৰিকাৰ বেটিং প্ৰশিক্ষকৰ দায়িত্ব ল’ব খেলুৱৈগৰাকীয়ে।

News18-Assam
Updated:September 10, 2019, 4:53 PM IST
অসম ৰঞ্জি দলৰ প্ৰাক্তন খেলুৱৈ এতিয়া দক্ষিণ আফ্ৰিকাৰ বেটিং প্ৰশিক্ষক!
Source-Google
News18-Assam
Updated: September 10, 2019, 4:53 PM IST
দক্ষিণ আফ্ৰিকা ক্ৰিকেট দলৰ বেটিং প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে ৰঞ্জী ট্ৰফীত অসমক প্ৰতিনিধিত্ব কৰা এগৰাকী প্ৰাক্তন ক্ৰিকেটাৰক। ভাৰতৰ ঘৰুৱা ক্ৰিকেটৰ বেটচমেন অমল মজুমদাৰক দক্ষিণ আফ্ৰিকাৰ বেটিং প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে দেশ খনৰ ক্ৰিকেট বৰ্ডে।

যদিও ৰঞ্জী ট্ৰফীত অধিকাংশ সময় অমল মজুমদাৰে মুম্বাই দলৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়াইছিল,  তথাপিও ৰঞ্জিৰ কেইটামান ছিজনত অসমকো প্ৰতিনিধিত্ব কৰিছিল খেলুৱৈগৰাকীয়ে।। ক্ৰিকেটাৰ গৰাকীয়ে পিছত ঘৰুৱা ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল অসম দলৰ হৈ খেলি থকাৰ সময়তে।

অহা ২ অক্টোবৰৰ পৰা ভাৰতৰ বিৰুদ্ধে হ’ব লগা টেষ্ট শৃংখলাত দক্ষিণ আফ্ৰিকাৰ বেটিং প্ৰশিক্ষকৰ দায়িত্বত থাকিব অমল মজুমদাৰ।

আৰু চাওক পৰৱৰ্তী বাতৰি