তালিবান (Taliban) এতিয়া আফগানিস্তান (Afghanistan)ত ইয়াৰ 'পৰম বিজয়'ৰ ওচৰ চাপিছে। কিয়নো পৰাভূত কৰিবলৈ বাকী থকা একমাত্ৰ উপত্যকা পঞ্জশীৰ (Panjshir)ৰ যোদ্ধাসকলে সহায় আৰু অস্ত্ৰ–শস্ত্ৰৰ অভাৱত আত্মসমৰ্পণ কৰাৰ পৰিকল্পনা কৰা বুলি জানিব পৰা গৈছে। ইয়াৰ পূৰ্বে খবৰ পোৱা গৈছিল যে পঞ্জশীৰে সিংহ ৰূপে পৰিচিত আহমেদ শ্বাহ মাছুদৰ পুত্ৰ আহমেদ মাছুদৰ অধীনত তালিবানৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সাজু হৈছিল।
তাৎপৰ্যপূৰ্ণভাৱে, ১৯৯০ চনৰ গৃহযুদ্ধই হওক বা তাৰ এদশক আগৰ ছোভিয়েট হস্তক্ষেপেই হওক, কোনেও পঞ্জশীৰ উপত্যকা জয় কৰিব পৰা নাছিল। দ্য টেলিগ্ৰাফৰ প্ৰতিবেদন মতে, অস্ত্ৰ–শস্ত্ৰ আৰু আন্তঃৰাষ্ট্ৰীয় সহায়ৰ অভাৱত পঞ্জশীৰৰ যুঁজাৰুসকলে আত্মসমৰ্পণৰ প্ৰস্তুতি চলাইছে। মাছুদৰ এগৰাকী পৰামৰ্শদাতাই জানিবলৈ দিয়া অনুসৰি, ৩২ বছৰীয়া যুৱক মাছুদে অস্ত্ৰ-শস্ত্ৰৰ সন্ধান কৰিছিল। তেওঁ কয়– 'পঞ্জশীৰে তালিবানৰ সৈতে যুঁজিব নোৱাৰে, তালিবান এতিয়া শক্তিশালী, এয়া ১৯৮০ চন নহয়, তালিবানৰ হাতত শক্তিশালী অস্ত্ৰ আছে।'
বহুতো দেশৰ পৰা সহায় বিচৰা হৈছিল
শেহতীয়াকৈ, মাছুদে ৱাশ্বিংটন পোষ্ট বাতৰি কাকতত লিখিছিল, 'মই আজি পঞ্জশীৰ উপত্যকাৰ পৰা লিখি আছোঁ, মোৰ দেউতাৰ পদাংক অনুসৰণ কৰিবলৈ সাজু মুজাহিদীন যোদ্ধাসকলৰ সৈতে আকৌ এবাৰ তালিবানৰ মুখামুখি হ'বলৈ সাজু।' মাছুদে আৰু লিখিছিল যে তেওঁৰ বাহিনীক আন্তঃৰাষ্ট্ৰীয় সহায়ৰ প্ৰয়োজন হ'ব। এই সেনাবাহিনীত ৬০০০ তকৈও অধিক যুঁজাৰু আছে বুলিও তেওঁ উল্লেখ কৰিছিল।
তেওঁ ফ্ৰান্স, ইউৰোপ, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু আৰৱ দেশৰ পৰা সহায় বিচাৰিছিল। মাছুদে কৈছিল যে তেওঁ তেওঁৰ দেউতাকক ২০ বছৰ আগতে ছোভিয়েট আৰু তালিবানৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিছিল। মাছুদৰ দেউতাকে পঞ্জশীৰত তালিবানৰ বিৰুদ্ধে সৰ্ববৃহৎ অভিযান আৰম্ভ কৰিছিল। তেওঁক ২০০১ চনত হত্যা কৰা হৈছিল। ১৯৮৯ চনত তাখাৰ প্ৰদেশৰ পিউত জন্মগ্ৰহণ কৰা মাছুদে ইৰাণত স্কুলীয়া শিক্ষা লাভ কৰে আৰু তাৰ পিছত ব্ৰিটেইনৰ ৰয়েল মিলিটাৰী একাডেমী চেণ্ডহাৰ্ষ্টত এবছৰীয়া সেনা পাঠ্যক্ৰম গ্ৰহণ কৰে।
এতিয়ালৈকে মাছুদৰ এইক্ষেত্ৰত কি প্ৰতিক্ৰিয়া
মাছুদে কয় যে তেওঁ তালিবানৰ সৈতে শান্তি আলোচনা কৰিব বিচাৰিছে, আফগানিস্তানত গৃহযুদ্ধ বিচৰা নাই। অৱশ্যে, প্ৰয়োজন হ'লে তেওঁ মুখামুখি হ'ব বুলিও সতৰ্ক কৰি দিছিল।
ছুইডেনৰ এজন গৱেষক আব্দুল চৈয়দে এএফপিক কয়, "তালিবানে পঞ্জশীৰক সকলো দিশৰ পৰা আগুৰি ধৰিছে আৰু মই নাভাবো যে মাছুদৰ পুত্ৰসকলে কেইমাহমানতকৈ অধিক সময় ৰখাব পাৰিব।"
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|