হাড় কঁপোৱা শীতত শতায়ু গৰকা মাতৃক ষ্টেচনত পেলাই পলাল কুলাংগাৰ পুত্ৰ!

News18 Assam | News18-Assam
Updated:January 14, 2020, 12:14 PM IST
হাড় কঁপোৱা শীতত শতায়ু গৰকা মাতৃক ষ্টেচনত পেলাই পলাল কুলাংগাৰ পুত্ৰ!
Photo : News18 Bangla

এজন প্ৰত্যক্ষদৰ্শীয়ে জনোৱা অনুসৰি, এখন গাড়ীৰে মহিলাগৰাকীক আনি ষ্টেচনত পেলাই থৈ যায় এজন পুৰুষ আৰু এগৰাকী মহিলাই। সেই সময়ত ষ্টেচনতে আছিল লোকজন।

  • Share this:
বয়স এশৰো অধিক। চলা–ফুৰাৰ শক্তি নাই। এই বয়সত মানুহক আটাইতকৈ প্ৰয়োজন পৰিয়ালৰ সহায়ৰ। কিন্তু এনে এগৰাকী বৃদ্ধাক ষ্টেচনত এৰি পলাল কুলাংগাৰ পুত্ৰ! ষ্টেচনৰ প্লেটফৰ্মত পৰি আছিল কংকালসদৃশ শৰীৰ মহিলাগৰাকী। একাংশ স্থানীয় লোকে দেখি উদ্ধাৰ কৰে মহিলাগৰাকীক।

এজন প্ৰত্যক্ষদৰ্শীয়ে জনোৱা অনুসৰি, এখন গাড়ীৰে মহিলাগৰাকীক আনি ষ্টেচনত পেলাই থৈ যায় এজন পুৰুষ আৰু এগৰাকী মহিলাই। সেই সময়ত ষ্টেচনতে আছিল লোকজন। বৃদ্ধাগৰাকীক পেলাই থৈ যোৱাৰ সময়ত লোকজনে তেওঁলোকক মাতিছিল। কিন্তু কোনো সঁহাৰি নিদিয়াকৈ গুচি গৈছিল পুৰুষ আৰু মহিলাগৰাকী।

পিছত স্থানীয় লোক আৰু আৰক্ষীৰ সহযোগত হাস্পতালত ভৰ্তি কৰোৱা হয় মহিলাগৰাকীক। বৰ্তমানো সম্পূৰ্ণ সুস্থ হৈ উঠা নাই মহিলাগৰাকী। ঘটনাটো সংঘটিত হৈছে বাংলাদেশৰ চাপাইনবাবগঞ্জৰ গোমষ্টাপুৰৰ ৰহনপুৰ ৰে’ল ষ্টেচনত।
Published by: Sanjay Kumar Das
First published: January 14, 2020, 12:14 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading