দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ

ৰাজ্য লগতে দেশৰ বিভিন্ন প্ৰান্তৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।

news18assam
Updated:July 3, 2019, 12:55 PM IST
দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ
ৰাজ্য লগতে দেশৰ বিভিন্ন প্ৰান্তৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।
news18assam
Updated: July 3, 2019, 12:55 PM IST
১. ৰাজ্যত জাপানীজ এনচেফেলাইটিছে লৈছে ভয়ংকৰ ৰূপ। মৃতকৰ সংখ্যা ৮৪ লৈ বৃদ্ধি।

২. জনজাতিকৰণৰ নামত বিজেপি চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ তুলিলে ৰাজ্যৰ বিভিন্ন দল সংগঠনে। তীব্ৰ প্ৰতিবাদৰ ভাবুকি।

৩. বাংলাদেশক হৰুৱাই চলিত বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতে।

৪. মায়ানগৰী মুম্বাইত ভয়ংকৰ বান। কৃত্ৰিমবানৰ ফলত মৃত্যুক সাৱটিলে ৩৫ গৰাকীয়ে। বিমানবন্দৰ, শিক্ষানুষ্ঠান, ব্যৱসায় সকলো স্তব্ধ।

৫. বিহপুৰীয়াত SSB জোৱানৰ আত্মহত্যা। নিশা চিপ লৈ আত্মহনন SSB জোৱানজনৰ।

৬. কাইলৈৰ পৰা আৰম্ভ হ’ব হজযাত্ৰা।ৰাজ্যৰ প্ৰথমটো দলে কাইলৈ আৰম্ভ কৰিব যাত্ৰা। উঃ-পূবৰ ৩,৫৯৪গৰাকীয়ে এইবাৰ কৰিব হজ যাত্ৰা।

৭. কোপা আমেৰিকা কাপত আজি মহাৰণ। আজি ছেমিত মুখামুখি হ’ব ফুটবলৰ দুই মহাশক্তি ব্ৰাজিল আৰু আৰ্জেণ্টিনা।

৮. জম্মু-কাশ্মীৰত ছমাহলৈ ৰাষ্ট্ৰপতিৰ শাসন। আজিৰে পৰা পুনৰ বৃদ্ধি কৰা হৈছে ৰাজ্যখনৰ ৰাষ্ট্ৰপতৰ শাসন। ডিচেম্বৰলৈ ৰাজ্যখনত বলৱত্‍ থাকিব ৰাষ্ট্ৰপতিৰ শাসন।

৯.বিশ্বকাপত আন এখন গুৰুত্বপূৰ্ণ মেচত আজি মুখামুখি হ’ব  ইংলেণ্ড আৰু নিউজিলেণ্ড।আজিৰ কেলখনৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰিছে বিশ্বকাপত পাকিস্তানৰ ভাগ্য। ৰিভাৰচাইড গ্ৰাউণ্ডত অনুষ্ঠিত হ’ব খেল।

১০.ৰাজ্যত বাতিল কৰা হৈছে কেইবাখনো যাত্ৰীবাহী ৰে’লৰ চলাচল। ৯ জুলাইলৈকে বাতিল ২২খন যাত্ৰীবাহী ৰে’ল। সাময়িকভাৱে বাতিল ১৭খন ৰে’লৰ চলাচল।সেইদৰে সলনি কৰা হৈছে ১৪খন ৰে’লৰ যাত্ৰাপথ।

১১.অস্কাৰ একাডেমীৰ সদস্য পদ লাভ কৰিছে অভিনেতা অনুপম খেৰ, বিশিষ্ট চলচিত্ৰ পৰিচালক জয়া আখতাৰ, পৰিচালক অনুৰাগ কাশ্যপ সহ ছগৰাকী ভাৰতীয়ই।

১২.কবিৰ সিং হিট হোৱাৰ পাছত এতিয়া বলিউডত জনপ্ৰিয়তা বাঢ়িল অভিনেতা শ্বাহিদ কাপুৰৰ। এখন ছবিৰ বাবে পূৰ্বৰ ১২ কোটি চেৰাই ২১ কোটি টকা কৰিলে দাবী।
আৰু চাওক পৰৱৰ্তী বাতৰি