বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / বিশ্ব / Geomagnetic Storms : সৌৰ ধুমুহাৰ বাবে ক্ষতিগ্ৰস্ত হ'ব পাৰে পৃথিৱী, NOAA, NASAই দিছে সকীয়নি

Geomagnetic Storms : সৌৰ ধুমুহাৰ বাবে ক্ষতিগ্ৰস্ত হ'ব পাৰে পৃথিৱী, NOAA, NASAই দিছে সকীয়নি

Geomagnetic Storms : সৌৰ ধুমুহাৰ বাবে ক্ষতিগ্ৰস্ত হ'ব পাৰে পৃথিৱী, NOAA, NASAই দিছে সকীয়নি

এই বছৰৰ আৰম্ভণিতে এলন মাস্কৰ মহাকাশ কোম্পানীৰ ৪০টা উপগ্ৰহ ভূ-চুম্বকীয় ধুমুহাৰ দ্বাৰা আঘাতপ্ৰাপ্ত হৈছিল।

News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

১১ এপ্ৰিলত সূৰ্যত থকা এটা মৃত স্থানত (Dead Spot) প্ৰচণ্ড বিস্ফোৰণ ঘটিছে, যি পৃথিৱীৰ বাবে ভাবুকি হিচাপে প্ৰমাণিত হ’ব পাৰে। বিজ্ঞানীসকলে কয় যে এই ঠাইৰ পৰা নিৰ্গত বিকিৰণৰ ফলত পৃথিৱীত বৃহস্পতিবাৰে বা শুক্ৰবাৰে ভূ-চুম্বকীয় ধুমুহা আহিব পাৰে। ইয়াৰ ফলত নিশা ব্লেকআউট আৰু ইলেকট্ৰনিক সঁজুলিবিলাক বিকল হোৱাৰ আশংকা আছে।

ভূ-চুম্বকীয় (geomagnetic storms) ধুমুহা কি?

বিজ্ঞাপন

ভূ-চুম্বকীয় ধুমুহা হৈছে একপ্ৰকাৰৰ সৌৰ ধুমুহা (solar storm)। সূৰ্যৰ পৰা নিৰ্গত বিকিৰণৰ সমগ্ৰ সৌৰজগতক প্ৰভাৱিত কৰাৰ ক্ষমতা আছে। ই পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰক (Earth’s magnetosphere) প্ৰভাৱিত কৰি দুৰ্যোগ সৃষ্টি কৰিব পাৰে। ই পৃথিৱীৰ চাৰিওফালৰ বায়ুমণ্ডলৰ পৰিৱেশকো প্ৰভাৱিত কৰিব পাৰে।

NOAA, NASAই দিছে সকীয়নি

সৌৰ ধুমুহাৰ বাবে NOAA (National Oceanic and Atmospheric Administration)ৰ মহাকাশ বতৰ পূৰ্বানুমান কেন্দ্ৰয়ো এক সতৰ্কবাণী জাৰি কৰিছে। NOAAৰ মতে, ১৪ এপ্ৰিলত মধ্যমীয়া আৰু ১৫ এপ্ৰিলত সৰু ধুমুহাই পৃথিৱীক প্ৰভাৱিত কৰিব পাৰে।

ইয়াৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ সংস্থা নাছাই ধুমুহাৰ শ্ৰেণীৰ বিষয়ে সতৰ্ক কৰি দিছে। নাছাৰ মতে, এইবাৰৰ সৌৰ ধুমুহা জি-২ শ্ৰেণীৰ অন্তৰ্ভুক্ত। এই স্তৰৰ ধুমুহা জি-৫ৰ দৰে ভয়ানক নহয়, তথাপি যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হ’ব পাৰে।

বৃহস্পতিবাৰে বা শুক্ৰবাৰে অহা সৌৰ ধুমুহাৰ প্ৰভাৱ মোবাইল নেটৱৰ্ক আৰু বৈদ্যুতিক ভল্টেজৰ পৰা বুজিব পাৰি। ইয়াৰ ফলত জিপিএছ সংকেত আৰু ম’বাইল নেটৱৰ্কত বিভ্ৰান্তি হ’ব পাৰে। একে সময়তে পৃথিৱীৰ নিম্ন কক্ষপথত চলাচল কৰা কৃত্ৰিম উপগ্ৰহবোৰো প্ৰভাৱিত হ’ব পাৰে। ইয়াৰে সংযোগ বিঘ্নিত হ’ব পাৰে। এইটোৱে সমগ্ৰ বিশ্বতে ৰেডিঅ’ ব্লেকআউটৰ কাৰণ হ’ব বুলি সন্দেহ কৰা হৈছে।

বিজ্ঞাপন

এই শক্তিশালী ধুমুহাৰ ফলত বিদ্যুতো প্ৰভাৱিত হ’ব পাৰে। ভল্টেজৰ হীন-ডেঢ়িৰ বাবে ইলেকট্ৰনিক সঁজুলিবোৰ ক্ষতিগ্ৰস্ত হ’ব পাৰে, সেয়েহে এই পৰিস্থিতিত কোনো ডিভাইচ চাৰ্জ নকৰাই শ্ৰেয়।

এনে ধৰণৰ ঘটনা আগতে ঘটিছিল।

এই বছৰৰ আৰম্ভণিতে এলন মাস্কৰ মহাকাশ কোম্পানীৰ ৪০টা উপগ্ৰহ ভূ-চুম্বকীয় ধুমুহাৰ দ্বাৰা আঘাতপ্ৰাপ্ত হৈছিল। সূৰ্যৰ পৰা অহা বিস্ফোৰণৰ বিকিৰণে মহাকাশতে এই ৪০টা কৃত্ৰিম উপগ্ৰহ নষ্ট কৰিছিল।

বিজ্ঞাপন
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
Tags: Earth , Strom , Sun
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন