মুখ্যপৃষ্ঠা » খবৰ

» বিশ্ব

»দুবছৰীয়া সন্তানে হত্যা কৰিলে মাকক, ভুলৰ বাবে গ্ৰেপ্তাৰ  দেউতাকক

দুবছৰীয়া সন্তানে হত্যা কৰিলে মাকক, ভুলৰ বাবে গ্ৰেপ্তাৰ  দেউতাকক

News18 Assam | News18-Assam
Updated:October 14, 2021, 10:19 PM IST
দুবছৰীয়া সন্তানে হত্যা কৰিলে মাকক, ভুলৰ বাবে গ্ৰেপ্তাৰ  দেউতাকক
১১ আগষ্টত ২ বছৰীয়া শিশুটোৱে দেউতাকৰ বেকপেকৰ পৰা বন্দুকটো বিচাৰি পাইছিল। খেলী থাকোঁতেই বন্দুকৰ গুলী ফুটিছিল আৰু গুলীটোৱে শিশুটিৰ মাক ছামায়া লিনৰ মূৰত আঘাত কৰিছিল, যাৰ ফলত লগে লগে তেওঁৰ মৃত্যু হৈছিল।

১১ আগষ্টত ২ বছৰীয়া শিশুটোৱে দেউতাকৰ বেকপেকৰ পৰা বন্দুকটো বিচাৰি পাইছিল। খেলী থাকোঁতেই বন্দুকৰ গুলী ফুটিছিল আৰু গুলীটোৱে শিশুটিৰ মাক ছামায়া লিনৰ মূৰত আঘাত কৰিছিল, যাৰ ফলত লগে লগে তেওঁৰ মৃত্যু হৈছিল।

  • Share this:
আমেৰিকাৰ মধ্য ফ্লৰিডা (ফ্লৰিডা)ত আৰক্ষীয়ে এটি শিশুৰ পিতৃক গ্ৰেপ্তাৰ কৰিছে। আচলতে দেউতাকৰ হেণ্ডগানটো দুবছৰীয়া সন্তানৰ (two-year-old child) হাতত পৰিছিল। কেঁচুৱাটোৱে হেণ্ডগানটোৰে ঘৰত জুম মিটিঙত কথা পাতি থকা মাকৰ ওপৰত ভুলতে গুলীচালনা কৰি দিয়ে (Zoom Call In US)। ফলত লগে লগে মাকৰ মৃত্যু হৈছিল (Shot Mother Dead)। আলতামন্টে স্প্ৰিংছ আৰক্ষীয়ে কয় যে ২২ বছৰীয়া ভেণ্ড্ৰে এভাৰী (Veondre Avery)ক মঙলবাৰে গ্ৰেপ্তাৰ কৰা হৈছে। ভেণ্ড্ৰেৰ বিৰুদ্ধে হত্যা আৰু অসাৱধানভাৱে বন্দুক ৰখাৰ গোচৰ ৰুজু কৰা হৈছে।

আৰক্ষীয়ে কয় যে ১১ আগষ্টত ২ বছৰীয়া শিশুটোৱে দেউতাকৰ বেকপেকৰ পৰা বন্দুকটো বিচাৰি পাইছিল। খেলী থাকোঁতেই বন্দুকৰ গুলী ফুটিছিল আৰু গুলীটোৱে শিশুটিৰ মাক ছামায়া লিনৰ মূৰত আঘাত কৰিছিল, যাৰ ফলত লগে লগে তেওঁৰ মৃত্যু হৈছিল। ছামায়া সেই সময়ত ঘৰতে অফিচৰ জুম মিটিঙত ব্যস্ত আছিল।

জুম কলত থকা অফিচৰ সতীৰ্থ এজনে লগে লগে জৰুৰীকালীন সেৱা ৯১১ত ফোন কৰিছিল। তেওঁ কয় যে তেওঁ কেমেৰাৰ পৰা বন্দুকৰ গুলীৰ শব্দ শুনিছিল আৰু লিনক পৰি থকা দেখিছিল আৰু তেওঁৰ কেঁচুৱাটোৱে পিছফালে কান্দি আছিল। এই সময়ছোৱাত তেওঁৰ স্বামীও ঘৰত নাছিল।



এভেৰি ঘৰ আহি পাইছিল তেতিয়া গোটেই মজিয়াতে তেজ পাইছিল। লগে লগে জৰুৰীকালীন সেৱাক খবৰ দিয়া হৈছিল আৰু কম্পিউটাৰত কাম কৰি থকাৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হৈছিল। লিনৰ হৃদস্পন্দন থিতাতে বন্ধ হৈছিল। চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰিছিল। আৰক্ষীয়ে কৈছিল যে ঘটনাটোৰ সময়ত আন এটা শিশু ঘৰত উপস্থিত আছিল।
Published by: Manjumoni Borah
First published: October 14, 2021, 10:19 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি