কোৰোণাৰ সন্দেহত হাস্পতালত ভৰ্তি হৈ থকা ৫বছৰীয়া পুত্ৰক ডিঙি চেপি মাৰিলে ফুটবলাৰে!

News18 Assam | News18-Assam
Updated:May 15, 2020, 9:28 AM IST
কোৰোণাৰ সন্দেহত হাস্পতালত ভৰ্তি হৈ থকা ৫বছৰীয়া পুত্ৰক ডিঙি চেপি মাৰিলে ফুটবলাৰে!
‘হত্যাকাৰী পিতৃ’, তুৰস্কৰ লীগ পৰ্যায়ৰ এজন ফুটবলাৰৰ এই কাণ্ডত স্তম্ভিত সভ্য সমাজ। 

‘হত্যাকাৰী পিতৃ’, তুৰস্কৰ লীগ পৰ্যায়ৰ এজন ফুটবলাৰৰ এই কাণ্ডত স্তম্ভিত সভ্য সমাজ। 

  • Share this:
আংকাৰাঃ ৫বছৰীয়া পুত্ৰক সন্দেহত ভৰ্তি কৰোৱা হৈছিল হাস্পতালত। শিশুটিৰ চিকিৎসাও চলিছিল। কিন্তু চিকিৎসাৰ ফলাফল ওলাবলৈ নাপালেই, কাৰণ চিকিৎসাৰ পূৰ্বেই শিশুটিৰ পিতৃয়ে তাক ডিঙি চেপি হত্যা কৰিলে। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে তুৰস্কৰ বুৰচাতত।

‘হত্যাকাৰী পিতৃ’জন তুৰস্কৰ এগৰাকী আগশাৰীৰ ফুটবলাৰ চেভহাৰ টেকটস। ৩২বছৰীয়া খেলুৱৈজনে পুত্ৰক ডিঙি চেপি মৰাৰ পিছত মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত অৱশ্যে পুত্ৰ কোৰোণা সংক্ৰমিত নহয় বুলি পোৱা যায়। পুত্ৰক হত্যা কৰাৰ পিছতে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰা সেভহাৰে জনায় যে, গাৰুৰে পুত্ৰক হেঁচা মাৰি শ্বাসৰুদ্ধ কৰিছিল তেওঁ। পুত্ৰক একেবাৰেই ভাল নাপাইছিল তেওঁ।

আটাইতকৈ জঘন্য ঘটনা, কোভিড হাস্পতালত ভৰ্তি হোৱাৰ পিছত ল’ৰাটোক হত্যা কৰি সহায়ও বিচাৰিছিল পাষাণ পিতৃ সেভহাৰে! গুৰুতৰ অৱস্থাত শিশুটিক ইণ্টেনছিভ কেয়াৰলৈ নিবলৈ নাপাওতেই শিশুটিৰ মৃত্যু হয়। ২০০৭ৰ পৰা ২০০৯পৰ্যন্ত তুৰস্কৰ হাকেটেপ ক্লাৱৰ হৈ ফুটবল খেলিছিল সেভহাৰ টেকটসে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading