আমেৰিকাতো ঘটে নেকি এনে ঘটনা! জ' বাইডেনৰ শপতগ্ৰহণ অনুষ্ঠানৰ মাজতে টোপনি গ'ল বিল ক্লিণ্টন!

শপতগ্ৰহণ অনুষ্ঠানৰ মাজতে কেমেৰাত আবদ্ধ হোৱা এক বিশেষ দৃশ্যই এতিয়া আমোদ দিছে সকলোকে।
শপতগ্ৰহণ অনুষ্ঠানৰ মাজতে কেমেৰাত আবদ্ধ হোৱা এক বিশেষ দৃশ্যই এতিয়া আমোদ দিছে সকলোকে।
- News18 Assam
- Last Updated: January 21, 2021, 11:11 PM IST
কিন্তু শপতগ্ৰহণ অনুষ্ঠানৰ মাজতে কেমেৰাত আবদ্ধ হোৱা এক বিশেষ দৃশ্যই এতিয়া আমোদ দিছে সকলোকে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নতুন ৰাষ্ট্ৰপতিয়ে শপত পাঠ কৰি থকাৰ সময়তে চকু বন্ধ কৰি থকা দেখা গৈছিল দেশখনৰে প্ৰাক্তন ৰাষ্ট্ৰপতি বিল ক্লিণ্টনক। পিছত ফটোখন ভাইৰেল হোৱাত বহুতে প্ৰশ্ন কৰে যে, অনুষ্ঠানৰ মাজতে টোপনি গৈছিল নেকি ক্লিণ্টন? এই ঘটনাই এতিয়া আমোদ দিছে বহুতকে।
Bill Clinton has fallen asleep. pic.twitter.com/25cI9wkfn1
— Mark Lutchman 🇺🇸 (@marklutchman) January 20, 2021
উল্লেখ্য যে, ৭৪ বছৰীয়া বিল ক্লিণ্টনে ইয়াৰ পূৰ্বে পত্নী হিলাৰী ক্লিণ্টন, প্ৰাক্তন ৰাষ্ট্ৰপতি বৰাক ওবামা আৰু জৰ্জ ডাব্লিউ ব্ৰুছৰ শপতগ্ৰহণ সমাৰোহতো উপস্থিত আছিল।