ভাৰত–নিউজীলেণ্ডৰ ছেমি ফাইনেলৰ পূৰ্বে ক’লা মেঘে চানিছে মানচেষ্টাৰৰ আকাশ!

টছে ল’ব আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা।

News18
Updated:July 9, 2019, 2:03 PM IST
ভাৰত–নিউজীলেণ্ডৰ ছেমি ফাইনেলৰ পূৰ্বে ক’লা মেঘে চানিছে মানচেষ্টাৰৰ আকাশ!
টছে ল’ব আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা।
News18
Updated: July 9, 2019, 2:03 PM IST
ক্ৰিকেট বিশ্বকাপ ২০১৯ ছেমি ফাইনেলত ভাৰত–নিউজীলেণ্ডৰ যুঁজলৈ মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী। মানচেষ্টাৰৰ অল্ড ট্ৰাফৰ্ড ষ্টেডিয়ামত ভাৰতীয় সময়মতে দুপৰীয়া ৩বজাত খেল আৰম্ভ হ’ব। লীগ পৰ্যায়ত শীৰ্ষ স্থানত থকা টীম ইণ্ডিয়া এই খেলত ফেভাৰিট ৰূপে নামিব। বিগত তিনিখন খেলত হাৰি কোনোমতে ছেমি ফাইনেলত উপনীত হোৱা কিৱি দলে নিজৰ প্ৰদৰ্শন উন্নত কৰিলেহে ভাৰতৰ সৈতে ফেৰ মাৰিব পাৰিব বুলি ধাৰণা কৰিছে ক্ৰিকেট সমালোচকসকলে।

এই খেলত ভাৰতে ৰোহিত শৰ্মাৰ পৰা বিশেষ আশা কৰিছে। ৰোহিত শৰ্মাই টুৰ্ণামেণ্টত ৫টা শতক দখল কৰিছে। অৱশ্যে নিউজীলেণ্ডৰ বিৰুদ্ধে তেওঁৰ ৰেকৰ্ড বেয়া। বিৰাট কোহলীয়ে নিউজীলেণ্ডৰ বিৰুদ্ধে ৬৮.৫২ গড় ৰাণেৰে ১৩০২ৰাণ কৰিছে। নিউজীলেণ্ডৰ বিৰুদ্ধে বিৰাটে ৫টা শতক আৰু ৭টা অৰ্ধশতক কৰিছে।

বতৰে এই মুহূৰ্ততো ফৰকাল হোৱা নাই। সমগ্ৰ দিন ক’লা ডাৱৰে মানচেষ্টাৰৰ আকাশ ঢাকি ৰখাৰ বিপৰীতে মাজে মাজে বৰষুণ হোৱাৰ সম্ভাৱনা। অৱশ্যে ইয়াৰ পৰা খেলত প্ৰভাৱ বেছি নপৰে। উল্লেখযোগ্য যে এই টুৰ্ণামেণ্টত টছৰ ভূমিকা যথেষ্ট কাৰণ অল্ড ট্ৰাফৰ্ডৰ পথাৰত অনুষ্ঠিত পাঁচোখন খেলতে বেটিং কৰা দলটো জিকিছে। ছেমি ফাইনেলৰ গুৰুত্বলৈ চাই দুয়োজন অধিনায়কে প্ৰথমে বেটিং কৰিব বিচাৰিব।

উল্লেখ্য যে, বিশ্বকাপত ভাৰত আৰু নিউজীলেণ্ড ৭বাৰ মুখামুখি হৈছে। ইয়াৰে তিনিবাৰ ভাৰত আৰু চাৰিবাৰ নিউজীলেণ্ড জয়ী হৈছে।

ভাৰতীয় দলঃ বিৰাট কোহলী (অধিনায়ক), জছপ্ৰীত বুমৰাহ, যজুবেন্দ্ৰ চহল, এমএছ ধোনী (উইকেট কীপাৰা), ৰবীন্দ্ৰ জাডেজা, কেদাৰ যাদৱ, দিনেশ কাৰ্তিক, ভুৱনেশ্বৰ কুমাৰ, হাৰ্দিক পাণ্ডয়া, ঋষভ পণ্ট, কে এল ৰাহু, মহম্মদ ছামী, ময়ংক আগৰৱাল, ৰোহিত শৰ্মা, কুলদীপ যাদৱ।

নিউজীলেণ্ড দলঃ কেন উইলিয়ামছন (অধিনায়ক), টম ব্লণ্ডল, ট্ৰেণ্ট বল্ট, কলিন ডি গ্ৰেণ্ডহম, লৌকি ফৰ্গুচন, মাৰ্টিন গাপ্তিল, মেট হেনৰী, টম লেথম (উইকেট কীপাৰ), কলিন মনৰ’, জিমী নীচম, হেনৰী নিকল্স, মিচেল চেন্টনৰ, ইছ সৌঢ়ি, টিম সৌওদী, ৰছ টেইলৰ।

 
আৰু চাওক পৰৱৰ্তী বাতৰি