দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাত এতিয়া অবৰ্ণনীয় পৰিৱেশ। দীৰ্ঘদিন ধৰি অৰ্থনৈতিক সংকট চলিছিল। এইবাৰ কাৰ্যত ধ্বংসৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। সোমবাৰে শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী মহিন্দ্ৰা ৰাজাপাক্ষেই পদত্যাগ কৰিছে। কাৰণ, তেওঁৰ কাৰ্যালয়ৰ ভিতৰতে তেওঁৰ দলৰ লোকসকল আৰু তেওঁৰ বিৰোধী পক্ষৰ লোকসকলে কাৰ্যত মাৰপিটত লিপ্ত হয়। সেই ঘটনাৰ পিছতে পদত্যাগ কৰে ৰাজাপাক্ষেই। কিন্তু তাৰ পিছত প্ৰতিবাদ যেন দাবানলৰ দৰে বিয়পি পৰিছে।
পদত্যাগৰ ঘটনাৰ পিছতে ৰাজাপাক্ষেৰ বিৰোধী গোষ্ঠীয়ে কাৰ্যত তাণ্ডৱ আৰম্ভ কৰে শ্ৰীলংকাত। কলম্বোৰ পৰা ২৫০ কিলোমিটাৰ দূৰত ৰাজাপাক্ষেৰ ঘৰত জুই লগাই দিয়ে উন্মত্ত জনতাই। ইমানেই নহয়, তিনি প্ৰাক্তন মন্ত্ৰী আৰু দুই সাংসদৰ ঘৰো জ্বলাই দিয়া হয়। জ্বলাই দিয়া হয় চৰকাৰী সম্পত্তি, ধ্বংস কৰা হ’ল বাছৰ লগতে আন বাহন। এই ঘটনা হয়তো চকুৰে নেদেখিলে বিশ্বাস কৰা টান। ইয়াৰ মাজতে খবৰ পোৱা গৈছে, সাংসদ আথুকোৰালাৰ গাড়ীৰ সন্মুখত উন্মত্ত জনতাই চোঁচা লোৱাত নিজৰ প্ৰাণ বচাবলৈ নিজেই গুলীচালনা কৰে সাংসদগৰাকীয়ে, ফলত আহত হয় কেইবাজনো লোক। প্ৰশাসনিক সূত্ৰে খবৰ, তেওঁ প্ৰাণ বচাবলৈ অৱশেষত কাষৰ এটা ঘৰত আশ্ৰয় লৈছিল। পিছত তেওঁক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়।
নিশা খবৰ পোৱা অনুসৰি, ৰাজধানীত প্ৰধানমন্ত্ৰী ৰাজাপাক্ষেৰ ঘৰতো গুলীৰ শব্দ শুনা গৈছে। প্ৰধানমন্ত্ৰীৰ বাসভৱনত সোমবাৰে নিশা উন্মত্ত জনতাই গে’ট ভাঙি সোমাই পৰে। জ্বলাই দিয়ে ট্ৰাক। আৰক্ষীয়ে কন্দুৱা গেছেৰে জনতাক ছত্ৰভংগ দিয়াবলৈ চেষ্টা কৰিলেও পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহা নাই। এইদৰে প্ৰাক্তন মন্ত্ৰী জনষ্টন ফাৰ্ণাণ্ডেজৰ বাৰ,সাংসদ জনকা বান্দাৰাৰ ঘৰ, সকলোতে জুই লগাই দিছে জনতাই।