• Home
  • »
  • News
  • »
  • world
  • »
  • সমকামী ভাতৃক পিতৃত্বৰ গৌৰৱ প্ৰদান কৰিলে ভগ্নীয়ে, চাৰোগেচিৰ মাধ্যমেৰে ভাতৃক উপহাৰ দিলে সন্তান

সমকামী ভাতৃক পিতৃত্বৰ গৌৰৱ প্ৰদান কৰিলে ভগ্নীয়ে, চাৰোগেচিৰ মাধ্যমেৰে ভাতৃক উপহাৰ দিলে সন্তান

সমকামী দম্পতীয়ে শুক্ৰাণু দাতাৰ সহায়ত তিনিটা পৰ্যায়ৰ আই বি এফ (IVF)পদ্ধতিৰে সন্তান লাভৰ বাবে প্ৰায় ৩৬ হাজাৰ পাউণ্ডৰ এক ঋণো লৈছিল।

সমকামী দম্পতীয়ে শুক্ৰাণু দাতাৰ সহায়ত তিনিটা পৰ্যায়ৰ আই বি এফ (IVF)পদ্ধতিৰে সন্তান লাভৰ বাবে প্ৰায় ৩৬ হাজাৰ পাউণ্ডৰ এক ঋণো লৈছিল।

সমকামী দম্পতীয়ে শুক্ৰাণু দাতাৰ সহায়ত তিনিটা পৰ্যায়ৰ আই বি এফ (IVF)পদ্ধতিৰে সন্তান লাভৰ বাবে প্ৰায় ৩৬ হাজাৰ পাউণ্ডৰ এক ঋণো লৈছিল।

  • Share this:
নিজ ভাতৃক পিতৃত্বৰ গৌৱৰ অৰ্জন কৰাবলৈ এগৰাকী ভগ্নীৰ অভিনৱ পদক্ষেপ। চাৰোগেচি পদ্ধতিৰে ভাতৃক সন্তান প্ৰাপ্তিৰ সুখ প্ৰদান কৰিলে ভগ্নীয়ে। মানচেষ্টাৰৰ ঘটনা এয়া। ৪২ বছৰীয়া ট্ৰেচি হ'লচেয়ে তেওঁৰ ৩৮ বছৰীয়া ভাতৃ এন্থনী ডেগান আৰু ভাতৃৰ ৩০ বছৰীয়া সমকামী সংগী ৰে' উইলিয়ামছক দিলে এটি সন্তান উপহাৰ।

যোৱা বছৰৰ ১২ অক্টোবৰত এই সমকামী দম্পত্তিটোৱে তেওঁলোকৰ নৱজাতক থিঅ'ক পৃথিৱীলৈ আদৰণি জনাইছিল। এই সমকামী দম্পতীয়ে দুগৰাকী শুক্ৰাণু দাতাৰ সহায়ত তিনিটা পৰ্যায়ৰ আই বি এফ (IVF)পদ্ধতিৰে সন্তান লাভৰ বাবে প্ৰায় ৩৬ হাজাৰ পাউণ্ডৰ এক ঋণো লৈছিল। এই পদ্ধতিৰে সন্তান লাভৰ বাবে শুক্ৰাণু দানৰ সময়ত দুয়োগৰাকীয়ে সন্তানটোৰ জৈৱিক পিতৃ কোন সেয়া জনাৰ পৰা বিৰত আছিল।

এন্থনী এখন চাবৱে ফ্ৰেঞ্চাইজিৰ মালিক আৰু ট্ৰেচি এগৰাকী এৰিয়া মেনেজাৰ। এই সম্পৰ্কত ট্ৰেচিত্রে কয় যে,  এবছৰ ধৰি চাৰোগেট বিচাৰি হাবাথুৰি খাই অৱশেষত আশা হেৰুৱাবলৈ আৰম্ভ কৰা সমকামী দম্পতিক সহায় কৰাৰ বাবে আগবাঢ়ি আহিছিল তেওঁ। লগতে ট্ৰেচিয়ে কয় যে, পূৰ্বেও দুবাৰ ভাতৃয়ে তেওঁক এই প্ৰস্তাৱ দিছিল যদিও তেওঁলোকে এই বিষয়ত হাঁহিছিল। ট্ৰেচিৰ স্বামীয়ে তেওঁক কৈছিল যে, এই পদ্ধতিৰ বাবে তেওঁৰ বয়স বেছি হ'ব পাৰে। কিন্তু ট্ৰেচিয়ে দাবী কৰিছিল যে, তেওঁ এতিয়া গৌৰৱ অনুভৱ কৰিছে কিয়নো তেওঁ নিজৰ ভাতৃক এটি সন্তান উপহাৰ দিব পাৰিছে।

ইপিনে এন্থনীয়ে বিশ্বাস কৰিছিল যে, তেওঁৰ কেঁচুৱা বৰ্তমান সুৰক্ষিত স্থানতে আছে। কাৰণ ট্ৰেচিৰ নিজৰ আছে ৬ টাকৈ সন্তান। লগতে তেওঁ কৈছিল যে, ট্ৰেচিয়ে তেওঁক জীৱনৰ আটাইতকৈ ডাঙৰ উপহাৰ দিছিল আৰু তেওঁলোকৰ বান্ধোন এতিয়া পূৰ্বৰ তুলনাত আকৌ অধিক  শক্তিশালী হৈ পৰিছে।

মেনচেষ্টাৰতেই তেওঁলোকে আইভিএফ (IVF)প্ৰক্ৰিয়া আৰম্ভ কৰিছিল য'ত তেওঁলোকে দুয়োজনে তেওঁলোকৰ শুক্ৰাণু দান কৰিছিল আৰু দুটা পৃথক বেচ সৃষ্টি কৰিছিল। আইভিএফ (IVF)ৰ দুটা ৰাউণ্ড বিফল হোৱাৰ পিছত তৃতীয়বাৰত তেওঁলোক সফল হৈছিল । এন্থনীয়ে কৈছিল যে, তেওঁলোক তিনিগৰাকীয়ে এটা ইউনিট হিচাপে কাম কৰি আছিল।
Published by:Himangshu Bhuyan
First published: