ৰিলায়েন্স ৰিটেইলত ১,৮৭৫ টকা বিনিয়োগ কৰিলে চিলভাৰ লেকৰ সহযোগী বিনিয়োগকাৰীয়ে

News18 Assam | News18-Assam
Updated:October 1, 2020, 1:49 PM IST
ৰিলায়েন্স ৰিটেইলত ১,৮৭৫ টকা বিনিয়োগ কৰিলে চিলভাৰ লেকৰ সহযোগী বিনিয়োগকাৰীয়ে
পূৰ্বে চিলভাৰ লেকে বিনিয়োগ কৰিছিল ৰিলায়েন্স ৰিটেলত

পূৰ্বে চিলভাৰ লেকে বিনিয়োগ কৰিছিল ৰিলায়েন্স ৰিটেলত

  • Share this:
কেইদিন মান পূৰ্বে বিশ্বৰ সৰ্ববৃহত্‍ ইকুইটি কোম্পানী চিলভাৰ লেকে ৰিলায়েন্স ৰিটেইলত বিনিয়োগ কৰিছিল। সেইদৰে কেইমাহ মান পূৰ্বে ব্যক্তিগত খণ্ডৰ বৃহত্‍ প্ৰতিষ্ঠানটোৱে ৰিলায়েন্স জিঅ’টো বিনিয়োগ কৰিছিল। এতিয়া চিলভাৰ লেকৰ সহযোগী বিনিয়োগকাৰীয়ে ৰিলায়েন্স ৰিটেইল ভেন্সাৰ্চ লিমিটেডত বিনিয়োগ কৰিলে ১,৮৭৫ কোটি টকা।

ইয়াৰ ফলত ৰিলায়েন্স ৰিটেইল ভেনচার্চ লিমিটেড বা RRVL-এ সর্বমুঠ ৯৩৭৫ কোটি টকাৰ বিনিময়ত ২.১৩ শতাংশ অংশীদাৰিত্ব নিজৰ আয়ত্বলৈ নিলে চিলভার লেক তথা তেওঁলোকৰ সহযোগী বিনিয়োগকাৰী সংস্থাই৷ বিগত তিনি সপ্তাহত বিশ্বৰ চাৰিটা নামজ্বলা সংস্থাই ৰিলায়েন্সেৰ ৰিটেইল ব্যৱসায়ত বিনিয়োগ কৰিলে৷ ইয়াৰ ফলত RRVL-ৰ প্রী-মানি ইক্যুইটি মূল্য ৪.২৮৫ লাখ কোটি টকা হ’ল।

চিলভাৰ লেকৰ সহযোগী সংস্থাৰ এই সর্বশেষ বিনিয়োগৰ সৈতে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ চেয়াৰমেন তথা মেনেজিং ডিৰেক্টৰ মুকেশ আম্বানীয়ে কয়, 'ভাৰতবাসীৰ উন্নতিৰ কাৰণে  দেশৰ ৰিটেইল ব্যৱসায়ত আমূল পৰিৱৰ্তন অনাৰ যি যাত্রা ৰিলায়েন্সে আৰম্ভ কৰিছে, তাত  চিলভাৰ লেক তথা তেওঁলোকৰ সহযোগী বিনিয়োগকাৰীসকল আমাৰ মূল্যৱান সঙ্গী৷ তেওঁলোকৰ সমর্থনৰ ভৰসা লাভ কৰি আমি অতি সুখী। লগতে ভাৰতত ৰিটেইল ব্যৱসায়ত বৈপ্লৱিক পৰিৱর্তন আনিবলৈ বিশ্বজুৰি তথ্যপ্রযুক্তি ক্ষেত্রত তেওঁলোকৰ বিপুল বিনিয়োগ তথা শক্তিশালী নেটৱৰ্কৰ সুবিধাও আমি পাম৷ ভাৰতত ৰিটেইল ব্যৱসায় তথা ৰিলায়েন্স ৰিটেইল-ৰ ভৱিষ্যৎ কিমান সম্ভাৱনাময়, চিলভাৰ লেকৰ এই অতিৰিক্ত বিনিয়োগ তাৰেই প্রমাণ৷'

বিদেশী বিভিন্ন বিনিয়োগকাৰীসকলৰ পৰা বিগত সপ্তাহত বিপুল পৰিমাণৰ বিনিয়োগ আনিছে ৰিলায়েন্সৰ ৰিটেইল ব্যৱসায়। দেশৰ সর্ববৃহৎ ৰিটেইল ব্যৱসায় ৰিলায়েন্স ৰিটেলত বিগত কেইটামান সপ্তাহত চিলভাৰ লেক তথা মাৰ্কিন সংস্থা কেকেআৰে ক্ৰমে ১.৭৫ তথা ১.২৮ শতাংশ অংশীদাৰিত্বৰ কাৰণে মুঠ ১৩,০৫০ কোটি টকা বিনিয়োগ কৰিছে।

বুধবাৰে বেচৰকাৰী ইক্যুইটি সংস্থা জেনেৰেল আটলাণ্টিকে ৰিলায়েন্স ৰিটেইলৰ ০.৮৪ শতাংশ অংশীদাৰিত্ব লোৱাৰ কাৰণে ৩৬৭৫ কোটি টকা বিনিয়োগ কৰৰা কথা ঘোষণা কৰে৷

এই অতিৰিক্ত বিনিয়োগ প্রসঙ্গত চিলভাৰ লেকৰ কো-চিইঅ’ ইগন ডাৰবানে কয়, 'এই অতুলনীয় সুযোগকে কামত লগোৱাৰ কাৰণে আমি আৰু অধিক সহযোগী বিনিয়োগকাৰীক আনিবলৈ পাই অত্যন্ত সুখী। বিগত কেবা সপ্তাহ ধৰি যিভাৱে নতুন বিনিয়োগৰ ধাৰা অব্যাহত আছে, সেয়া ৰিলায়েন্স ৰিটেইলৰ ব্যৱসায়িক মডেল তথা দূৰদৃষ্টিৰ ওপৰত থকা আস্থাৰেই প্ৰমাণ।'
Published by: Himangshu Bhuyan
First published: October 1, 2020, 12:00 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading