ভেলেণ্টাইন দ্যে অ’ফাৰ! ভাড়াত পোৱা যাব গাৰ্লফ্ৰেণ্ড, আজৱ অ’ফাৰ শ্বপিং মলৰ!

News18 Assam | News18-Assam
Updated:February 3, 2020, 4:14 PM IST
ভেলেণ্টাইন দ্যে অ’ফাৰ! ভাড়াত পোৱা যাব গাৰ্লফ্ৰেণ্ড, আজৱ অ’ফাৰ শ্বপিং মলৰ!
নিঃসংগ, সংগীহীন যুৱকৰ বাবে গাৰ্লফ্ৰেণ্ড অ’ফাৰ দিছে এটা শ্বপিংমলে, কিন্তু বান্ধি দিছে বিশেষ চৰ্ত।

নিঃসংগ, সংগীহীন যুৱকৰ বাবে গাৰ্লফ্ৰেণ্ড অ’ফাৰ দিছে এটা শ্বপিংমলে, কিন্তু বান্ধি দিছে বিশেষ চৰ্ত।

  • Share this:
১৪ ফেব্ৰুৱাৰী পালেহিয়েই! আমাৰ প্ৰেমিক সকলে হয়তো প্ৰস্তুতি চলাইছেই!
কোনে বা কি উপহাৰ দিব, তাকে লৈ যে ক’ত চিন্তা!

ভেলেণ্টাইন দ্যেৰ দিনা নিঃসংগ, সংগীহীন সকলৰ দুখ কোনে বুজিব! কিন্তু সেই দুখ বুজি এটা শ্বপিং মলে আগবঢ়াইছে আজৱ অ’ফাৰ! এক নোহোৱা নুবুজা ঘটনা! শ্বপিং মলত ভাড়াত দিছে গাৰ্লফ্ৰেণ্ড। সংবাদসংস্থাৰ ৰিপৰ্ট অনুযায়ী, গাৰ্লফ্ৰেণ্ড ভাড়াত লোৱাৰ বাবেদ প্ৰতি ২০ মিনিটত দিব লাগিব ১০ টকা। আৰু সেই ভাড়াত লোৱা গাৰ্ল ফ্ৰেণ্ডগৰাকীৰ লগত  বজাৰ কৰাৰ লগতে,একেলগে লাঞ্চ, ডিনাৰ কৰাৰো সুবিধা দিছে শ্বপিং মলটোৱে।

কিন্তু গাৰ্ল ফ্ৰেণ্ড ভাড়াত লোৱাৰ সময়ত মানিব লাগিব কেইটামান বিশেষ চৰ্ত। একেলগে সময় কটোৱাৰ সময়ত যুৱতীক স্পৰ্শ কৰিব নোৱাৰিব, আৰু শ্বপিং মলত চৌহদৰ বাহিৰত গাৰ্লফ্ৰেণ্ড লৈ যাব নোৱাৰিব। এই আজৱ শ্বপিং মলটো আছে চীনৰ গোয়াংজৌৰত।
আৰু চাওক
পৰৱৰ্তী বাতৰি