আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনালে ছোৱেইব মালিকে

বাংলাদেশৰ বিৰুদ্ধে জয়লাভ কৰি বিশ্বকাপৰ অভিযান সামৰিলে পাকিস্তানে

News18-Assam
Updated:July 6, 2019, 10:34 AM IST
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনালে ছোৱেইব মালিকে
বাংলাদেশৰ বিৰুদ্ধে জয়লাভ কৰি বিশ্বকাপৰ অভিযান সামৰিলে পাকিস্তানে
News18-Assam
Updated: July 6, 2019, 10:34 AM IST
অৱশেষত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক চিৰ বিদায় জনালে পাকিস্তানৰ অভিজ্ঞ ক্ৰিকেটাৰ ছোৱেইব মালিকে। শণিবাৰে বিশ্বকাপত বাংলাদেশক ৯৪ ৰানত পৰাস্ত কৰি পাকিস্তানে সামৰে অভিযান। ইতিমধ্যে বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ পিছৰ পৰাই পাকিস্তান দলক তীব্ৰ ককৰ্থনা কৰি আহিছিল পাকিস্তানৰ ক্ৰিকেট অনুৰাগীসকলে।

শুকুৰবাৰে বিশ্বকাপত পাকিস্তানে বাংলাদেশৰ বিৰুদ্ধে নিজৰ অন্তিমখন মেচত জয়লাভ কৰাৰ পিছত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে মালিকে। ২০ বছৰীয়া ক্ৰিকেট কেৰিয়াৰত মালিকে সৰ্বমুঠ ২৮৭ খন এদিনীয়া মেচত ভাগলৈ গড়ে ৩৪.৫৫ ৰানেৰে মুঠ ৭৫৩৪ ৰান সংগ্ৰহ কৰিছে,য’ত আছে ৯ টা শতৰাণ আৰু ৪৪ টা অৰ্ধশতক। সেইদৰে দখল কৰিছে ১৫৮টা উইকেট।

অৱসৰ গ্ৰহণ কৰি মালিকে নিজৰ দলৰ প্ৰতিগৰাকী খেলুৱৈ,প্ৰশিক্ষক,পাকিস্তানক ধন্যবাদ জনায়।


আৰু চাওক পৰৱৰ্তী বাতৰি