‘ৰাৱালপিণ্ডি এক্সপ্ৰেছ’খ্যাত পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ ছোৱেইব আখতাৰে খেল এৰা বহুদিনেই হ’ল। কিন্তু বাৰে বাৰে সংবাদ শীৰ্ষ দখল কৰে পাকিস্তানী ক্ৰিকেটাৰগৰাকীয়ে। এইবাৰ পাকিস্তানী টেলিভিছন চেনেল পিটিভি স্প’ৰ্টছে চুক্তি ভংগৰ অভিযোগত ছোৱেইব আখতাৰলৈ প্ৰেৰণ কৰিছে আইনী জাননী। গোচৰো ৰুজু হৈছে।
চুক্তি ভংগ, মানহানি মিলাই ক্ষতিপূৰণৰ বাবদ ছোৱেইবৰ পৰা দাবী কৰা হৈছে ১০ কোটিৰো অধিক টকা। ডুবাইত এক ভাৰতীয় টেলিভিছন চেনেলত অতিথি হৈ গৈছিল ছোৱেইব আখতাৰ। ইয়াৰ পিছতে স্বদেশী চেনেলৰ পৰা মানহানি গোচৰৰ নটিচ যায় ‘ৰাৱালপিণ্ডি এক্সপ্ৰেছ’লৈ।
পিটিভিৰ সৈতে ছোৱেইবৰ সংঘাত হৈছিল ২৬ অক্টোবৰত নিউজীলেণ্ডৰ বিৰুদ্ধে পাকিস্তানৰ জয়ৰ পিছত। উক্ত চেনেলত আয়োজিত এক অনুষ্ঠানত শ্ব’ৰ উপস্থাপক নোমান নিয়াজে আলোচনাৰ মাজতে ছোৱেইব আখতাৰকত শ্ব’ এৰি যাবলৈ কৈছিল। ছোৱেইব আখতাৰে অপমানবোধ কৰি চলি থকা শ্ব’ এৰি ওলাই গৈছিল। ইয়াৰ পিছত আৰু সেই অনুষ্ঠানত দেখা যোৱা নাছিল আখতাৰক। অথচ পিটিভিৰ সৈতে চুক্তি আছিল প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ।
চেনেল কৰ্তৃপক্ষই জনাইছে, টি–২০ বিশ্বকাপত শ্ব’ত অনুপস্থিত আৰু কোনো জাননি অবিহনে ছোৱেইবৰ পদত্যাগে মুঠ ১০ কোটি টকাৰ ক্ষতি হৈছে তেওঁলোকৰ। আনহাতে, পাকিস্তানৰ কিংবদন্তি পেছাৰগৰাকীয়ে সহজে এৰি দিয়া নাই।
আইনী জাননী হাতত পৰাৰ পিছতে ছোৱেইবে টুইটাৰত লিখিছে, ‘ভীষণ হতাশাজনক। তেওঁলোকে (পিটিভি) মোলৈ (টকা) পুনৰুদ্ধাৰৰ নটিচ পঠিয়াইছে। ময়ো যোদ্ধা, এৰি নিদিওঁ। আইনী যুজ দিম। অধিবক্তা ছলমান খান নিয়াজিয়ে মোৰ হৈ আদালতত যুঁজিব।’
আনহাতে, পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানেও এই ঘটনাক লৈ মন্তব কৰিছিল কিছুদিন পূৰ্বে। উপস্থাপক নোমান নিয়াজে প্ৰাক্তন ক্ৰিকেটাৰজনক অনুষ্ঠান এৰি ওলাই যাবলৈ যোৱা কথা উল্লেখ কৰিছিল ইমৰাণ খানে। সেয়ে দেশৰ প্ৰধানমন্ত্ৰীৰ সমৰ্থন আছে ছোৱেইবৰ সৈতে। এতিয়া দেখা যাব ক’ৰ পানী ক’লৈ যায়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|