• Home
  • »
  • News
  • »
  • world
  • »
  • Shoaib Akhtar : হাস্পতালত ভৰ্তি ছোৱেইব আখতাৰ, আবেগিক হৈ ক’লে – মই আৰু ৪–৫ বছৰ...

Shoaib Akhtar : হাস্পতালত ভৰ্তি ছোৱেইব আখতাৰ, আবেগিক হৈ ক’লে – মই আৰু ৪–৫ বছৰ...

আখতাৰক এই ভিডিঅ’ত আবেগিক হৈ পৰা দেখা গৈছে। তেওঁ ভিডিঅ’টোৰ জৰিয়তে অনুৰাগীসকলক কয় যে তেওঁৰ অস্ত্ৰোপচাৰ সফলভাৱে হৈছে।

আখতাৰক এই ভিডিঅ’ত আবেগিক হৈ পৰা দেখা গৈছে। তেওঁ ভিডিঅ’টোৰ জৰিয়তে অনুৰাগীসকলক কয় যে তেওঁৰ অস্ত্ৰোপচাৰ সফলভাৱে হৈছে।

আখতাৰক এই ভিডিঅ’ত আবেগিক হৈ পৰা দেখা গৈছে। তেওঁ ভিডিঅ’টোৰ জৰিয়তে অনুৰাগীসকলক কয় যে তেওঁৰ অস্ত্ৰোপচাৰ সফলভাৱে হৈছে।

  • Share this:
পাকিস্তানৰ প্ৰাক্তন বেগী বলাৰ ছোৱেইব আখতাৰ বিগত কিছু সময় ধৰি আঁঠুৰ গুৰুতৰ সমস্যাৰে যুঁজি আছে। শেহতীয়াকৈ তেওঁৰ আঁঠুৰ অস্ত্ৰোপচাৰ হৈছে। প্ৰাক্তন বেগী বলাৰজনে বাৰে বাৰে হোৱা আঁঠুৰ সমস্যাৰ বাবে বহু মেচ মিছ কৰিছে। আখতাৰে আঁঠুৰ সমস্যাত বিগত ১১ বছৰ ধৰি ভুগি আছে আৰু শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ মেলবৰ্ণৰ এখন হাস্পতালত আৰু এটা অস্ত্ৰোপচাৰৰ বাবে গৈছিল। তেওঁ মেলবৰ্ণৰ এখন হাস্পতালৰ বিছনাৰ পৰা ইনষ্টাগ্ৰামত এক ভিডিঅ’ পোষ্ট কৰিছে।

আখতাৰক এই ভিডিঅ’ত আবেগিক হৈ পৰা দেখা গৈছে। তেওঁ ভিডিঅ’টোৰ জৰিয়তে অনুৰাগীসকলক কয় যে তেওঁৰ অস্ত্ৰোপচাৰ সফলভাৱে হৈছে। প্ৰাক্তন ক্ৰিকেটাৰজনে লগতে তেওঁৰ অনুৰাগীসকলক তেওঁৰ বাবে দোৱা কৰিবলৈ অনুৰোধ জনায় যাতে তেওঁ সোনকালে সুস্থ হৈ উঠে। ভিডিঅ’ত আখতাৰে কয় যে যদি তেওঁৰ আঁঠুৰ সমস্যা নহ’লহেঁতেন, তেন্তে তেওঁ আৰু ৪–৫ বছৰ ক্ৰিকেট খেলিব পাৰিলেহেঁতেন।




ৰাৱালপিণ্ডি এক্সপ্ৰেছখ্যাত ক্ৰিকেটাৰজনে কয়, ‘‘মই আৰু চাৰি–পাঁচ বছৰ খেলিব পাৰিলোহেঁতেন। কিন্তু মই জানিছিলো যে যদি মই এনে কৰো, তেন্তে মই হুইলচেয়াৰত বহিব লাগিব। সেইবাবেই মই ক্ৰিকেটৰ পৰা সন্যাস ল’লো।’’

উল্লেখযোগ্য যে আখতাৰে নিজৰ দেশৰ বাবে ৪৬খন টেষ্ট, ১৪খন টি–২০ আৰু ১৬৩খন এদিনীয়া মেচ খেলিচে। তেওঁ ৰেড বল ক্ৰিকেটত ১৭৮ আৰু এদিনীয়া মেচত ২৪৭ আৰু টি২০ত ২১টা উইকেট দখল কৰিছে। তেওঁ ক্ৰিকেটৰ ইতিহাসত 100 mph বেগত বলিং কৰা প্ৰথম বলাৰ।
Published by:Sanjay Kumar Das
First published: