অক্টোবৰত ইংলেণ্ড (England)ৰ পুৰুষ আৰু মহিলা উভয় দলৰে পাকিস্তান ভ্ৰমণ (Pakistan Tour) সূচী নিৰ্ধাৰিত আছিল। কিন্তু শেহতীয়া ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইংলেণ্ডে (ECB) বাতিল কৰিলে পাক ভ্ৰমণ।
এসময়ত বেটছমেনৰ ত্ৰাস আছিল পাকিস্তানৰ বেগী বলাৰ ছোৱাইব আখতাৰ (Shoaib Akhtar)। সেই সময়ত ফিল্ডত আখতাৰৰ যি ৰুদ্ৰৰূপ আছিল তেনেই উগ্ৰৰূপ শেহতীয়াকৈ দেখা গৈছে ছচিয়েল মিডিয়াত। ছোৱাইব আখতাৰে প্ৰায়েই ক্ৰিকেট আৰু বিশেষভাৱে পাকিস্তান ক্ৰিকেট (Pakistan Cricket)ক লৈ ছচিয়েল মিডিয়াত সক্ৰিয় হৈ থাকে। ভাল-বেয়া সকলো নিৰ্মোহভাৱে কৈ দিয়ে আখতাৰে, তেওঁৰ সেই দুৰ্দান্ত একচনৰ দৰেই। শেহতীয়াকৈ ইংলেণ্ড ক্ৰিকেট দল (England Cricket Team)ৰ কাণ্ডত প্ৰচণ্ড খঙত যেন ফাটি পৰিছে ছোৱাইব আখতাৰ। কাৰণ কি?
কাৰণ হ'ল নিউজীলেণ্ড (Newzealand)ৰ পিছত ইংলেণ্ড দলেও বাতিল কৰিলে পাকিস্তান ভ্ৰমণ। নিৰাপত্তাজনিত কাৰণত পাকিস্তান ভ্ৰমণ বাতিল কৰিলে ইংলেণ্ড ক্ৰিকেট দলে। কম সময়ৰ ব্যৱধানতে দুখনকৈ দেশে পাকিস্তান ভ্ৰমণ বাতিল কৰা কাৰ্যত ক্ষুণ্ণ হৈ পৰি ছচিয়েল মিডিয়াতে ক্ষোভ উজাৰিছে ৰাৱালপিণ্ডী এক্সপ্ৰেছে (Rawalpindi Express)। চাওক কি ক'লে আখতাৰে।
আখতাৰ নিজৰ পোষ্টত লিখিছে, "তেনেহ'লে ইংলেণ্ডেও না কৰিলে...ঠিক আছে T20 World Cupত দেখা যাব...এতিয়া পাঞ্জা লগোৱাৰ সময় আহি পৰিছে...বাবৰ আজম (Babar Ajam)এতিয়া আৰু এৰি নিদিবা...।" পাকিস্তানক এনেদৰে দেশ দুখনে ত্যাগ কৰাৰ পিছত আখতাৰৰ হুংকাৰ T-20 বিশ্বকাপত (T-20 Wold Cup)ইয়াৰ হোৰ তুলিব বাবৰ আজম বাহিনীয়ে।
উল্লেখ্য যে অক্টোবৰত ইংলেণ্ডৰ পুৰুষ আৰু মহিলা উভয় দলৰে পাকিস্তান ভ্ৰমণ সূচী নিৰ্ধাৰিত আছিল। কিন্তু শেহতীয়া ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইংলেণ্ডে (ECB) বাতিল কৰিলে পাক ভ্ৰমণ। ইয়াৰ পূৰ্বে খেল আৰম্ভ হোৱাৰ কেইমুহূৰ্তমানৰ আগে আগে নিৰাপত্তাজনিত কাৰণ দেখুৱাই নাটকীয়ভাৱে নিউজীলেণ্ডে বাতিল কৰিছিল পাকিস্তান ভ্ৰমণ সূচী আৰু নিজ দেশৰ খেলুৱৈক উভতাই লৈ গৈছিল। ইয়াৰ লগে লগে পাকিস্তানেও স্পষ্ট কৰি দিলে যে দেশখনৰ ঘৰুৱা কোনো প্ৰতিযোগিতা পাকিস্তানৰ নিৰপেক্ষ ভেনুত নেখেলে পাক দলে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|