চলিত টি–২০ বিশ্বকাপত দুৰ্দান্ত ছন্দত আছে পাকিস্তান। কিন্তু কেৱল বাবৰ আজম নহয়, সংবাদ শিৰোনামত আচে পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰসকলো। ৱাকাৰ ইউনিছৰ বিতৰ্কৰ পিছত এইবাৰ পাকিস্তানৰ এটা চেনেলৰ শ্ব’ চলি থকাৰ সময়তে ছোৱেইব আখতাৰক লৈ ঘটিল বিতৰ্ক। শ্ব’ৰ মাজতে ষ্টুডিঅ’ৰ পৰা ওলাই গ’ল আখতাৰ। লগতে সেই চেনেলৰ বিশেষজ্ঞৰ পদৰ পৰাও ইস্তাফা দিলে ‘ৰাৱালপিণ্ডি এক্সপ্ৰেছ’খ্যাত আখতাৰে।
কি ঘটিছিল সেই শ্ব’ত? ছোৱেইবৰ দাবী, তেওঁক অপমান কৰিছে অনুষ্ঠানৰ পৰিচালকে। দেওবাৰে ভাৰতক পৰাস্ত কৰাৰ পিছত মঙলবাৰে নিউজিলেণ্ডকো পৰাস্ত কৰে পাকিস্তানে। সেইদিনা নিশাই পাকিস্তাৰ এটা স্প’ৰ্টছ চেনেলৰ অনুষ্ঠানত এই ঘটনাটো ঘটে। সেই শ্ব’ত ছোৱেইব আখতাৰৰ উপৰি উপস্থিত আছিল ছাৰ ভিভিয়ান ৰিচাৰ্ডছ, ডেভিদ গাওৱাৰ, ৰছিদ লতিফ, উমৰ গুল আৰু আকিব জাভেদ। কিন্তু শ্ব’ চলি থকাৰ সময়তে পৰিচালক নওমান নিয়াজৰ সৈতে এটা কথাত মতবিৰোধ হয় ছোৱেইবৰ। লগে লগে নিয়াজে আখতাৰক উঠি যাবলৈ কয় শ্ব’ৰ পৰা। লগে লগে আখতাৰে ত্যাগ কৰে শ্ব’।
Dr Nauman Niaz and Shoaib Akhtar had a harsh exchange of words during live PTV transmission. pic.twitter.com/nE0OhhtjIm
Multiple clips are circulating on social media so I thought I shud clarify. pic.twitter.com/ob8cnbvf90
এই সমগ্ৰ ঘটনাত সকলো অবাক। এই ভিডিঅ’ ক্লিপ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। সকলোৰে প্ৰশ্ন, এনে কি ঘটিল যে ছোৱেইবে শ্ব’ এৰি যাবলগা হ’ল। পিছত টুইটাৰত এটা ভিডিঅ’ পোষ্ট কৰি ছোৱেইবে জনায়, তেওঁ নওমানৰ সৈতে ধেমালি কৰিছিল তেওঁ। কিন্তু তেওঁ সেয়া নুবুজি অনুষ্ঠান এৰি যাবলৈ কয়। ছোৱেইবে কয়, ‘‘ভিভিয়ান ৰিচাৰ্ডছ আৰু ডেভিদ গওৱাৰ মোৰ সন্মুখত বহি আছিল। লাখ লাখ মানুহে শ্ব’টো চাই আছিল। মই পৰিচালকক কৈছিলো যে ধেমালি কৰি কৈছো। তেওঁ যাতে অনুষ্ঠানটো আগুৱাই যায় তাৰ বাবে অনুৰোধ কৰিছিলো। কিন্তু তেওঁ একোৱে কৰিব নিবিচাৰিলে। সেয়ে মোৰ ওচৰত উঠি যোৱাৰ বাদে কোনো বিকল্প নাছিল।’’
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|