• Home
  • »
  • News
  • »
  • world
  • »
  • বাংলাদেশৰ ৰোহিংগা শৰণাৰ্থীক লৈ ক্ষুণ্ণ শ্বেখ হাছিনা, বহিষ্কাৰ কৰিলে চুবুৰীয়া অসমলৈ হ'ব নেকি অনুপ্ৰৱেশ?

বাংলাদেশৰ ৰোহিংগা শৰণাৰ্থীক লৈ ক্ষুণ্ণ শ্বেখ হাছিনা, বহিষ্কাৰ কৰিলে চুবুৰীয়া অসমলৈ হ'ব নেকি অনুপ্ৰৱেশ?

 প্ৰধানমন্ত্ৰী হাছিনাই দেওবাৰে এই বিষয়ত কৈছিল যে এই লোকসকল তেওঁৰ দেশৰ ওপৰত গধুৰ বোজাস্বৰূপ হৈ পৰিছে।

প্ৰধানমন্ত্ৰী হাছিনাই দেওবাৰে এই বিষয়ত কৈছিল যে এই লোকসকল তেওঁৰ দেশৰ ওপৰত গধুৰ বোজাস্বৰূপ হৈ পৰিছে।

প্ৰধানমন্ত্ৰী হাছিনাই দেওবাৰে এই বিষয়ত কৈছিল যে এই লোকসকল তেওঁৰ দেশৰ ওপৰত গধুৰ বোজাস্বৰূপ হৈ পৰিছে।

  • Share this:

ম্যানমাৰত সংঘটিত হিংসাত্মক ঘটনাৰ পিছত বৃহৎসংখ্যক ৰোহিংগা মুছলমান (Rohingyas) পলাই আহি বাংলাদেশত আশ্ৰয় লৈছিল। কিন্তু এতিয়া এয়া দেশৰ বাবে বোজা হৈ পৰিছে বুলি প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই (Sheikh Hasina) মন্তব্য কৰিছে। প্ৰধানমন্ত্ৰী হাছিনাই দেওবাৰে এই বিষয়ত কৈছিল যে এই লোকসকল তেওঁৰ দেশৰ ওপৰত গধুৰ বোজাস্বৰূপ হৈ পৰিছে। হাছিনাই তেওঁলোকৰ ওপৰত সম্পদ অপচয় কৰাৰো অভিযোগ উত্থাপন কৰিছিল।


ঢাকা ট্ৰিবিউনৰ এক প্ৰতিবেদন অনুসৰি, ৰাজধানীত নেদাৰলেণ্ডৰ নৱনিযুক্ত ৰাষ্ট্ৰদূত এনি জেৰাৰ্ড ভান লিউৱেন (Ambassador of the Netherlands Anne Gerard Van Leeuwen)ৰ সৈতে হোৱা বৈঠকত শ্বেখ হাছিনাই কয়, "ৰোহিংগা মুছলমানসকল বাংলাদেশৰ ওপৰত এক গধুৰ বোজা হৈ পৰিছে। কক্স মাৰ্কেটত (কক্সবজাৰ) পৰিৱেশ আৰু বনসম্পদ অপচয় কৰা হৈছে।' কক্স বজাৰত অস্থায়ী শিবিৰত বৃহৎসংখ্যক ৰোহিংগা মুছলমানে বাস কৰি আছে।


ম্যানমাৰৰ সেনাৰ বৰ্বৰতাৰ সন্মুখীন হোৱাৰ পিছত ২০১৭ চনত সম্প্ৰদায়টোৰ লাখ লাখ লোক বাংলাদেশত উপস্থিত হৈছিল। বেছিভাগ ৰোহিংগা মুছলমানে কক্স বজাৰ শিবিৰত আশ্ৰয় লৈছে আৰু ইয়াক বিশ্বৰ সৰ্ববৃহৎ শৰণাৰ্থী শিবিৰ বুলি কোৱা হৈছে। ম্যানমাৰৰ পৰিস্থিতি উন্নত হোৱাৰ পিছত বাংলাদেশে তেওঁলোকক উভতি যাব বুলি আশা কৰি আশ্ৰয় দিছিল যদিও সেয়া নহ'ল। এতিয়া ৰোহিংগা মুছলমানসকলক কক্সবজাৰৰ পৰা ভাষণচাৰ দ্বীপলৈ স্থানান্তৰ কৰা হৈছে। কক্সবজাৰৰ পৰা প্ৰায় ১ লাখ লোকক তালৈ নিয়াৰ পৰিকল্পনা কৰা হৈছে।


২০১৬-১৭ বৰ্ষৰ সংকটৰ পূৰ্বে ম্যানমাৰত প্ৰায় ৮,০০,০০০ ৰোহিংগা লোকে বাস কৰিছিল। এই লোকসকলে বহু শতাব্দী ধৰি এই দেশত বাস কৰি আহিছে। কিন্তু ম্যানমাৰৰ আৰ্মীৰ অত্যাচাৰৰ বাবে বাংলাদেশ আৰু থাইলেণ্ডৰ সীমাত থকা শৰণাৰ্থী শিবিৰসমূহত বৃহৎ সংখ্যক ৰোহিংগা লোক অমানৱীয় পৰিস্থিতিত বাস কৰিবলৈ বাধ্য হৈছে।


অসমৰ বাবে এয়া উদ্বেগজনক খবৰ হ'ব পাৰে


কিন্তু বাংলাদেশৰ সীমান্তত থকা ৰাজ্য অসমৰ বাবেও ৰোহিংগা শৰণাৰ্থীয়ে আন এক সংকট কঢ়িয়াই আনিব পাৰে। বাংলাদেশৰ আগন্তুক নিৰ্বাচনক লৈ শ্বেখ হাছিনা চৰকাৰে এই শৰণাৰ্থীসকলক লৈ ৰাজনৈতিক সমীকৰণৰ কথা চিন্তা কৰাৰ সম্ভাৱনা আছে। থলুৱা বাংলাদেশীয়ে ৰোহিংগা শৰণাৰ্থীয়ে দেশখনত আশ্ৰয় লোৱাটো সমৰ্থন কৰা নাই। দেশখনৰ প্ৰধানমন্ত্ৰীয়েও এতিয়া এই প্ৰসংগত মুখ খুলিছে। গতিকে অসমৰ ক্ষেত্ৰত আগন্তুক দিনত ৰোহিংগা শৰণাৰ্থীৰ অনুপ্ৰৱেশৰ কথাটো নুই কৰিব নোৱাৰি।

Published by:Gautam Barman
First published: