পাকিস্তানৰ ক্ৰিকেট দলক লৈ নিজ দেশতে ক্ষোভ, ঘৰলৈ উভতি যোৱাৰ পৰামৰ্শ ছৰফৰাজক

News18-Assam
Updated:June 17, 2019, 3:41 PM IST
পাকিস্তানৰ ক্ৰিকেট দলক লৈ নিজ দেশতে ক্ষোভ, ঘৰলৈ উভতি যোৱাৰ পৰামৰ্শ ছৰফৰাজক
ভাৰতৰ হাতত ৮৯ ৰানত পৰাজিত হোৱাৰ বাবে অধিনায়ক ছৰফৰাজ আহমেদকে জগৰীয়া কৰিছে পাকিস্তানৰ নাগৰিকে।

ভাৰতৰ হাতত ৮৯ ৰানত পৰাজিত হোৱাৰ বাবে অধিনায়ক ছৰফৰাজ আহমেদকে জগৰীয়া কৰিছে পাকিস্তানৰ নাগৰিকে।

  • Share this:
ইংলেণ্ডৰ মানচেষ্টাৰত ভাৰতৰ হাতত পৰাজিত হোৱাৰ পিছতে পাকিস্তান ক্ৰিকেট দলৰ অধিনায়ক ছৰফৰাজ আহমেদৰ ওপৰত ক্ষুব্ধ হৈ পৰিছে দেশখনৰ একাংশ নাগৰিক। টুইটাৰত পাকিস্তান দলৰ অধিনায়কজনক ঘৰলৈ উভতি যোৱাৰ পৰামৰ্শ দিছে বহুজনে। আচলতে ভাৰতৰ হাতত ৮৯ ৰানত পৰাজিত হোৱাৰ বাবে অধিনায়ক ছৰফৰাজ আহমেদকে জগৰীয়া কৰিছে পাকিস্তানৰ নাগৰিকে। ছৰফৰাজক আটাইতকৈ বেছি সমালোচনা কৰিছে টছ জিকাৰ পিছতো বলিঙৰ কৰাৰ সিদ্ধান্ত লোৱাক লৈ। ইয়াৰ পিছতে ভাৰতে পাকিস্তানৰ বলাৰক একপ্ৰকাৰ দিশহাৰা কৰিছিল।

ইয়াৰ পিছতে খেলৰ সময়ত ছৰফৰাজৰ কাৰ্যকলাপেও তেওঁক দেশখনৰ নাগৰিকৰ আগত খলনায়ক হিচাপে পৰিগণিত কৰি দিলে। যিটো সময়ত ভাৰতীয় বেটছমেনে পাকিস্তানৰ বলাৰক ধৰাশায়ী কৰিছিল, সেই সময়ত ছৰফৰাজে উইকেটৰ পিছফালে হামিয়াই আছিল। ইমানেই নহয়, আন দেশৰ খেলুৱৈৰ সৈতে পাকিস্তানৰ খেলুৱৈৰ ফিটনেছক লৈও প্ৰশ্ন উত্থাপন কৰিছে একাংশই।

ভাৰতৰ দৰে সক্ৰিয় দল এটাৰ আগত ছৰফৰাজে উদাস পৰিৱেশৰ সৃষ্টি কৰাৰ অভিযোগ। উল্লেখযোগ্য যে ভাৰতৰ বিৰুদ্ধে খেলখনত ৰোহিত শৰ্মাক সহজতে ৰান আউট কৰাৰ সুযোগ পাইছিল পাকিস্তানে। সেই সুযোগ হেৰুৱাইছিল দলটোৱে, যাক লৈ ছৰফৰাজৰ কোনো আপত্তি নাছিল। এই সকলোবোৰ দেখি দেশখনৰ নাগৰিকে ছৰফৰাজক ঘৰলৈ উভতিবলৈ পৰামৰ্শ দিছে। ইয়াৰ পূৰ্বে পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ ছোৱেইব আখতাৰেও সমালোচনাৰে থকা–সৰকা কৰিছিল ছৰফৰাজৰ লগতে দলটোক।

চাওক ছৰফৰাজক লৈ কৰা একাংশ টুইট :
















আৰু চাওক
পৰৱৰ্তী বাতৰি