পাকিস্তানত মৃত্যু হ’ল শ্বাহৰুখ খানৰ ভগ্নীৰ

News18 Assam | News18-Assam
Updated:January 29, 2020, 11:52 AM IST
পাকিস্তানত মৃত্যু হ’ল শ্বাহৰুখ খানৰ ভগ্নীৰ
Source-Google

বলীউদৰ জনপ্ৰিয় অভিনেতা শ্বাহৰুখ খানৰ ভগ্নী নুৰজাহানৰ মৃত্যু। পাকিস্তানত অভিনেতাজনৰ ভগ্নীয়ে দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল।

  • Share this:
পাকিস্তানত মৃত্যু বলীউদৰ জনপ্ৰিয় অভিনেতা শ্বাহৰুখ খানৰ ভগ্নী নুৰজাহানৰ। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা নুৰজাহানৰ মৃত্যুৰ খবৰ পাকিস্তানৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

শ্বাহৰুখ খানৰ সম্পৰ্কীয় ভগ্নী নুৰজাহান পাকিস্তানৰ চহৰ পৰিষদৰ প্ৰাক্তন সদস্য আছিল। মৃত্যু সময়ত তেখেতৰ বয়স কিমান আছিল সেই কথা এতিয়াও জানিবলৈ সক্ষম হোৱা নাই। সীমাৰ সিপাৰে থকা নুৰজাহান দুবাৰ শ্বাহৰুখ খানৰ বাসগৃহলৈও আহিছিল। শৈশৱতে শ্বাহৰুখ খানো নিজৰ পিতৃ–মাতৃৰ লগত পেছাৱৰত থকা ভগ্নীৰ ঘৰলৈ দুবাৰ গৈছিল।
আৰু চাওক
পৰৱৰ্তী বাতৰি