পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ লগতে সন্ত্ৰাসবাদী সংগঠন আল কায়দা আৰু ইছলামিক ষ্টেটে গণৰাজ্য দিৱস উপলক্ষে ৰাজধানী দিল্লী, পঞ্জাব আৰু দেশৰ বহু চহৰত বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ ৰচনা কৰিছে। ভাৰতীয় চোৰাংচোৱা সংস্থাই এই সন্দৰ্ভত এক সতৰ্কবাণী জাৰি কৰিছে।
চোৰাংচোৱা সংস্থাৰ গোপনীয় প্ৰতিবেদনত প্ৰকাশ পাইছে যে পাকিস্তানৰ আই এছ আয়ে আণ্ডাৰৱৰ্ল্ড ডন ডাউদ ইব্ৰাহিমৰ সহায় লৈ ভাৰতত সন্ত্ৰাসবাদমূলক কাৰ্য সংঘটনৰ ষড়যন্ত্ৰ ৰচনা কৰিছে। ভাৰতত অনুষ্ঠিত হ’বলগীয়া জি-২০ শীৰ্ষ সন্মিলনতো চকু ৰাখিছে ইছলামিক ষ্টেট আৰু আল কায়দাই।
পাকিস্তানৰ সহায়ত সন্ত্ৰাসবাদী সংগঠনসমূহৰ চাইবাৰ অপৰাধীও সক্ৰিয় হৈ পৰিছে আৰু জি-২০ সন্মিলনৰ সময়ত বৃহৎ চাইবাৰ আক্ৰমণৰ পৰিকল্পনাত আছে।
চোৰাংচোৱাৰ প্ৰতিবেদনত লগতে কোৱা হৈছে যে পাকিস্তানে ২৬ জানুৱাৰী উপলক্ষে দিল্লী আৰু পঞ্জাৱত আই ই ডি বিস্ফোৰণৰ বাবে শ্লিপাৰ চেল আৰু অবৈধ ৰহিংগীয়াক ব্যৱহাৰ কৰিব পাৰে। এই প্ৰতিবেদন অনুসৰি, যদি ২৬ জানুৱাৰীত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা বিফল হয়, তেন্তে জি-২০ সন্মিলনৰ সময়ত আই এছ আয়ে ভাৰতৰ বিভিন্ন চহৰত সন্ত্ৰাসবাদী আক্ৰমণ কৰিব পাৰে।
চোৰাংচোৱাৰ প্ৰতিবেদন অনুসৰি এইবাৰ পাকিস্তানৰ আই এছ আয়ে অবৈধ ৰহিংগীয়া, দুটা বাংলাদেশী সন্ত্ৰাসবাদী সংগঠন আনছাৰ-উল-বাংলা আৰু জামাত-উল-মুজাহিদীন বাংলাদেশৰ সমৰ্থনত দিল্লী আৰু পঞ্জাবক লক্ষ্য কৰি লৈছে।
নিউজ১৮ ইণ্ডিয়াৰ হাতত থকা নিৰাপত্তা সংস্থাসমূহৰ এই অতি স্পৰ্শকাতৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে পিএফআইৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছত ইয়াৰ এটা লো প্ৰফাইল উইং পুনৰ সক্ৰিয় হৈ উঠিব পাৰে আৰু শ্লিপাৰ চেলৰ দৰে গেৰিলা আক্ৰমণ কৰিব পাৰে। খালিস্তানী সমৰ্থক সন্ত্ৰাসবাদী সংগঠনে দিল্লী আৰু পঞ্জাৱত যিকোনো বৃহৎ ঘটনা সংঘটিত কৰিব পাৰে বুলিও এই গোপনীয় সতৰ্কবাণীত প্ৰকাশ পাইছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|