• Home
  • »
  • News
  • »
  • world
  • »
  • তেজেৰে ৰাঙলী হ’ল গ্ৰন্থমেলা, কাবুল বিশ্ববিদ্যালয়ত সন্ত্ৰাসবাদী আক্ৰমণত নিহত ১৯জন

তেজেৰে ৰাঙলী হ’ল গ্ৰন্থমেলা, কাবুল বিশ্ববিদ্যালয়ত সন্ত্ৰাসবাদী আক্ৰমণত নিহত ১৯জন

স্থানীয় আৰক্ষী–প্ৰশাসনৰ ফালৰ পৰা জনোৱা হৈছে যে মৃতসকলৰ ভিতৰত অধিকসংখ্যকেই শিক্ষাৰ্থী।

স্থানীয় আৰক্ষী–প্ৰশাসনৰ ফালৰ পৰা জনোৱা হৈছে যে মৃতসকলৰ ভিতৰত অধিকসংখ্যকেই শিক্ষাৰ্থী।

স্থানীয় আৰক্ষী–প্ৰশাসনৰ ফালৰ পৰা জনোৱা হৈছে যে মৃতসকলৰ ভিতৰত অধিকসংখ্যকেই শিক্ষাৰ্থী।

  • Share this:
কাবুলত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ। কাবুল বিশ্ববিদ্যালয় পৰিসৰত গ্ৰন্থমেলা চলি থকাৰ সময়তে সন্ত্ৰাসবাদীৰ ধাৰাসাৰ গুলীচালনা। সোমবাৰে বিয়লি তেজেৰে ৰাঙলী হ’ল কাবুল বিশ্ববিদ্যালয় চৌহদত আয়োজিত গ্ৰন্থমেলা। এই আক্ৰমণত নিহত হৈছে ১৯জন।

চৰকাৰী হিচাপ অনুসৰি, আহত লোকৰ সংখ্যা ২২জন। সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, ৩ সন্ত্ৰাসবাদীয়ে চলাইছিল আক্ৰমণ। প্ৰথমে এজন গ্ৰন্থমেলাত প্ৰৱেশ কৰি আত্মঘাতী বিস্ফোৰণ ঘটায়। বাকী দুজনক নিৰাপত্তাৰক্ষীয়ে হত্যা কৰে। কাবুলৰ বিদেশ মন্ত্ৰণালয়ৰ ভালৰ পৰা এই তথ্য প্ৰকাশ কৰিছে। এতিয়ালৈ কোনেও এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই।

স্থানীয় আৰক্ষী–প্ৰশাসনৰ ফালৰ পৰা জনোৱা হৈছে যে মৃতসকলৰ ভিতৰত অধিকসংখ্যকেই শিক্ষাৰ্থী। বিশ্ববিদ্যালয়ৰ ফালৰ পৰা কোৱা হৈছে, কিছুদিন ধৰি কাবুল বিশ্ববিদ্যালয়ত ইৰাণৰ গ্ৰন্থমেলা চলি আছিল। এই গ্ৰন্থমেলাতে আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। মেলাৰ মাজত বন্দুকধাৰীয়ে গুলীচালনা কৰাত বহুজনে কোনোমতে নিজৰ জীৱন বচাবলৈ সক্ষম হয়। ঘটনাৰ সময়ত বিশ্ববিদ্যালয় চৌহদত আছিল প্ৰায় ৮০০ শিক্ষাৰ্থী। পুথিভঁৰাল, শ্ৰেণীকোঠাত ব্যস্ত থকাৰ সময়তে সন্ত্ৰাসবাদীয়ে চলায় এই আক্ৰমণ। পূৰ্বেও কাবুলৰ একাধিক শিক্ষা প্ৰতিষ্ঠানত চলিছিল আক্ৰমণ।
Published by:Sanjay Kumar Das
First published: